ভণ্ড বাবাৰ কু-কীৰ্তি পোহৰলৈ অহাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে। আয়ুৰ্বেদ চিকিৎসাৰ নামত এই জঘন্য কাম কৰিছে ভণ্ড বাবাই।
ভণ্ড বাবাৰ কু-কীৰ্তি পোহৰলৈ অহাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে। আয়ুৰ্বেদ চিকিৎসাৰ নামত এই জঘন্য কাম কৰিছে ভণ্ড বাবাই।
জনপ্ৰিয় ৱেব শৃংখলা 'আশ্ৰম' নিশ্চয় বহুতে চাইছিল। ববি দেওল আৰু চন্দন ৰয় সান্যাল অভিনীত চিৰিজটোৱে ব্যাপক চৰ্চা লাভ কৰিছিল। কেনেকৈ দুজন গুণ্ডাই 'আশ্ৰম'ৰ ছদ্মবেশত অনৈতিক কাম কৰি আছে। এই চিৰিজটো আজিৰ সমাজৰ দ্বাৰা অনুপ্ৰাণিত।
মাজে মাজে ভণ্ড বাবাৰ বহু খবৰ সন্মুখলৈ আহি থাকে। এইবাৰ থাইলেণ্ডত এজন বাবাই এনে এক কু-কীৰ্তি পোহৰলৈ আহিছে। জানিলে চকু কঁপালত উঠিব আপোনাৰ।
এই বাবাজনৰ থাইলেণ্ডৰ এখন অৰণ্যৰ ভিতৰত আশ্ৰম আছিল। বাবাৰ বয়স ৭৫ বছৰ। নাম থাই নান। তেওঁ নিজকে সকলো ধৰ্মৰ শ্ৰেষ্ঠ গুৰু বুলি অভিহিত কৰে। ভক্তৰ সংখ্যাও কম নহয় তেওঁৰ আশ্ৰমত।
আশ্ৰমৰ বিভিন্ন কু-কৰ্মৰ বিষয়ে এগৰাকী লোকে গোপনে আৰক্ষীক খবৰ দিছিল। আৰু আৰক্ষীয়ে আশ্ৰমখনত অভিযান চলাই বহু ৰহস্য উদঘাটন কৰে। বাবাই ভক্তক দিয়ে নিজৰ প্ৰস্ৰাৱ খাবলৈ। আনকি বহুতক শৌচ খাবলৈও বাধ্য কৰে। তেওঁৰ শৌচ, প্ৰস্ৰাৱ আৰু স্পুটামে ৰোগ নিৰাময় কৰিব।
আৰক্ষীয়ে আশ্ৰমত অভিযান চলাই ১১ টা মৃতদেহ উদ্ধাৰ কৰে। যিসকলক হত্যা কৰা হৈছিল আৰু আশ্ৰমতে সমাধিস্থ কৰা হৈছিল। এগৰাকী মহিলাই কৈছিল যে বাবাই তেওঁক প্ৰস্ৰাৱ খাবলৈ জোৰ কৰিছিল। আৰক্ষীয়ে এতিয়া দেউতাকক গ্ৰেপ্তাৰ কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|