ডুবাই ফেৰৎ এজন যাত্ৰীৰ পৰা এক কোটিৰো অধিক টকা মূল্যৰ সোণ জব্দ কৰিলে দিল্লী বিমানবন্দৰৰ শুল্ক বিভাগৰ বিষয়াই। জানিব পৰা মতে, যাত্ৰীজনে এই সোণখিনি লেডাৰৰ বেল্টৰ ভিতৰত লৈ আহিছিল। এই বৃহৎ পৰিমাণৰ সোণ দেখি আচৰিত হৈ পৰে শুল্ক বিভাগৰ বিষয়াসকল। মুঠ ২৩৩০ গ্ৰাম সোণ জব্দ কৰে অভিযুক্ত যাত্ৰীজনৰ পৰা (Dubai returnee with gold worth Rs 1 crore hidden under belt)।
ধৰা পৰাৰ পিছত জেৰাত যাত্ৰীজনে জনায়, ইয়াৰ পূৰ্বেও চাৰিবাৰ একে পদ্ধতিৰে সোণ সৰবৰাহ কৰিছে তেওঁ। সকলো মিলাই যাৰ মূল্য হ’ব ২.৬ কোটি টকাৰ ওচৰা–ওচৰি হ’ব। কিন্তু এইবাৰ নোৱাৰিলে। বিমানবন্দৰৰ শুল্ক বিভাগৰ বিষয়াৰ চকুত ধুলি দিয়াত ব্যৰ্থ হয় তেওঁ। তেওঁক লগে লগে গ্ৰেপ্তাৰ কৰা হয়।
সম্প্ৰতি ডুবাই আৰু পেৰিছৰ পৰাও এইধৰে সোণ সৰবৰাহ কৰি দেশত প্ৰৱেশ কৰিছিল দুই যাত্ৰী। দিল্লী বিমানবন্দৰত ধৰা পৰে তেওঁলোক। অৱশ্যে সেই সোণৰ মূল্য আছিল প্ৰায় ৭০ লাখ টকা। এইবাৰ যিগৰাকী যাত্ৰী ধৰা পৰিল, তেওঁৰ পৰা আৰু অধিক পৰিমাণৰ সোণ জব্দ কৰা হয়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|