প্ৰায়ে চৰ্চাত থাকে উত্তৰ প্ৰদেশ। বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাই বাৰে বাৰে চৰ্চাৰ মাজলৈ আনে ৰাজ্যখনক। ৰাজ্যখনৰ আমৰোহাত সংঘটিত হোৱা এক ভয়ংকৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে।
এগৰাকী দুৰ্ভগীয়া মহিলাৰ কৰুণ আৰ্তনাদ ৰাজ্যখনত। মহিলাগৰাকী এতিয়া পাঁচ মাহৰ গৰ্ভৱতী। যোৱা ৬মাহে মহিলাগৰাকীক বহুলোকে কৰিছিল উপৰ্যুপৰী ধৰ্ষণ। মহিলাগৰাকীয়ে নাজানে গৰ্ভত থকা সন্তানৰ পিতৃ কোন। কিন্তু আৰক্ষীয়ে বিশ্বাস নকৰিলে মহিলাগৰাকীৰ এই কথা। প্ৰায় চাৰি, পাঁচ দিন ঘটনাৰ সংক্ৰান্তত মহিলাগৰাকী আৰক্ষী চকীলৈ গৈছিল যদিও, আৰক্ষীয়ে নিদিলে কোনো ধৰণৰ গুৰুত্ব। আৰু অৱশেষত চিৎকাৰ কৰি উঠিল ভুক্তভোগী মহিলাগৰাকী।