• Home
  • »
  • News
  • »
  • nation
  • »
  • ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কপিল দেৱৰ হাৰ্ট এটেক, চিকিত্‍সালয়ৰ ICUত ভৰ্তি

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কপিল দেৱৰ হাৰ্ট এটেক, চিকিত্‍সালয়ৰ ICUত ভৰ্তি

কপিল দেৱৰ নেতৃত্বত ১৯৮৩ চনত ভাৰতে বিশ্বকাপ জয় কৰিছিল।

কপিল দেৱৰ নেতৃত্বত ১৯৮৩ চনত ভাৰতে বিশ্বকাপ জয় কৰিছিল।

কপিল দেৱৰ নেতৃত্বত ১৯৮৩ চনত ভাৰতে বিশ্বকাপ জয় কৰিছিল।

  • Share this:
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক, প্ৰসিদ্ধ অলৰাউণ্ডাৰ কপিল দেৱ অসুস্থ। বৃহস্পতিবাৰে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ জন হাৰ্ট এটেকত আক্ৰান্ত হয়। পিছত নিশাই দিল্লীৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয়। চিকিত্‍সকে জনোৱা মতে, বৰ্তমান কপিল দেৱৰ স্বাস্থ্য সুস্থিৰ। চিন্তাৰ কোনো কাৰণ নাই।



এ এন আইত প্ৰকাশ পোৱা বাতৰি অনুসৰি, মহান ক্ৰিকেটাৰগৰাকীয়ে বৃহস্পতিবাৰে হঠাত্‍ প্ৰচণ্ড বুকুৰ বিষ অনুভৱ কৰে। লগে লগে নিশা ১ বজাত চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান হাস্পতালৰ আই চি ইউত চিকিত্‍সাধীন হৈ আছে কপিল দেৱ। চিকিত্‍সকৰ এটা দলক কপিল দেৱৰ চিকিত্‍সাৰ বাবে নিয়োগ কৰা হৈছে।
Published by:Himangshu Bhuyan
First published: