ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলী ক্ৰোধান্বিত হৈ পৰিছে। কোহলীৰ খং উঠাটো স্বাভাৱিক। বিৰাটে ব্যক্তিগত গোপনীয়তা ভংগৰ তথ্য দিছে। কোহলীৰ সৈতে এই ঘটনা সংঘটিত হয় পাৰ্থৰ ক্রাউন টাৱাৰ হোটেলত, য’ত টীম ইণ্ডিয়াই টি-২০ বিশ্বকাপ ছুপাৰ ১২ মেচখনত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে খেলিবলৈ থাকিছিল৷
পাৰ্থত কোহলী থকা হোটেলৰ কোঠাটোৰ ভিডিঅ’ ফাদিল হৈছে। এই ভিডিঅ'টো হোটেলখনৰ কৰ্মচাৰী এজনে নিজেই বনাইছে। অৱশ্যে সেই ব্যক্তিজনক এতিয়া হোটেলৰ পৰা নিলম্বন কৰা হৈছে। হোটেলৰ কৰ্মচাৰীয়েও কোহলীৰ ওচৰত ক্ষমা বিচাৰিছে। এই ভিডিঅ'টো বিৰাটৰ অনুপস্থিতিত বনোৱা হৈছিল। এই ভিডিঅ’টো বনোৱাৰ সময়ত বিৰাটে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলি আছিল।
বিৰাট কোহলীয়ে কোঠাটোত কি ৰাখিছিল?বিৰাটে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত হোটেলৰ কোঠাটোৰ এটা ইনষ্টা ৰিল শ্বেয়াৰ কৰিছে। 'কিং কোহলীৰ হোটেল ৰুম' শীৰ্ষক এই ভিডিঅ'টোত এজন ব্যক্তিয়ে কোহলীৰ কোঠাত মোবাইলৰ পৰা ভিডিঅ' বনোৱা দেখা গৈছে। ভিডিঅ’টোত কোহলীৰ কোঠাত টেবুলত চশমা, টুপী, ঈশ্বৰৰ মূৰ্তি ৰখা দেখা গৈছে। ইয়াৰ উপৰিও খাদ্য পৰিপূৰক, কেইবাযোৰ জোতা আৰু এটা খোলা ছুটকেছো দেখা যায়। ছুটকেছত দেখা গৈছে কোহলীৰ টিম ইণ্ডিয়াৰ জাৰ্চী।
ভিডিঅ’টো দেখি এনে লাগে যেন ভিডিঅ’টো বনোৱাৰ সময়ত কোহলীৰ কোঠাত এজনতকৈ অধিক মানুহ আছিল। টী-২০ বিশ্বকাপৰ কথা ক’বলৈ গ’লে এই মুহূৰ্তত কোহলীৰ সৌভাগ্যই লগ দিছে। টী-২০ বিশ্বকাপৰ ইতিহাসত ১০০০ বা তাতকৈ অধিক ৰাণ সংগ্ৰহ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে বিৰাট। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলখনত তেওঁ এই কৃতিত্ব অৰ্জন কৰে।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|