বিৰাট কোহলী বনাম ৰোহিত শৰ্মা! ইয়াৰ পিছত এইবাৰ আৰম্ভ হৈছে বিৰাট কোহলী বনাম সৌৰভ গাংগুলী! সংবাদমেল সম্বোধন কৰি বিৰাট কোহলীয়ে এইবাৰ ৰাজহুৱা কৰিলে বহু ৰহস্য। কোহলীয়ে কয় যে, এদিনীয়া দলৰ অধিনায়ক পদৰ পৰা তেওঁৰ অপসাৰণ কৰাৰ কথা সিদ্ধান্ত লোৱাৰ মাত্ৰ ডেৰ ঘণ্টাৰ পূৰ্বেহে জনোৱা হৈছিল। এই সন্দৰ্ভত পূৰ্বে একো কথাই হোৱা নাছিল কোহলীক। কোহলীয়ে সৌৰভ গাংগুলীৰ নাম নোলোৱাকৈয়ে এই প্ৰশ্ন উত্থাপিত কৰে। য'ত দাদাই কৈছিল যে, তেওঁ কোহলীক টি২০ দলৰ অধিনায়ক হৈ থাকিবলৈহে আহ্বান জনাইছিল।
ভাৰতীয় টেষ্ট অধিনায়ক বিৰাট কোহলীয়ে (Virat Kohli) বুধবাৰে এখন সংবাদমেলত কেইবাটাও প্ৰশ্নৰ পোণপটীয়া উত্তৰ দিয়ে। তেওঁ কয় যে, তেওঁ দক্ষিণ আফ্ৰিকাত হ'বলগীয়া এদিনীয়া শৃংখলাৰ বাবে সাজু। ৰোহিত শৰ্মাৰ সৈতে বিবাদ হোৱাৰ খবৰো একেমুখে অস্বীকাৰ কৰে বিৰাটে। কিন্তু সৌৰভ গাংগুলী আৰু বিৰাট কোহলীৰ মাজত যে এখন শীতল যুদ্ধ চলি আছে, তাৰ স্পষ্ট ইংগিত হোৱা গ'ল এই সংবাদমেলতে।
This is getting serious between virat kohli and dada
Both have opposite words
Definitely not a good sign for indian cricket.#BCCIpic.twitter.com/9owZ3jnnBC