• Home
  • »
  • News
  • »
  • nation
  • »
  • ডাঙৰ খবৰ! কোৰোণাত আক্ৰান্ত শচীন তেণ্ডুলকাৰ, নিজকে কৰিলে হোম কোৱাৰেণ্টাইন

ডাঙৰ খবৰ! কোৰোণাত আক্ৰান্ত শচীন তেণ্ডুলকাৰ, নিজকে কৰিলে হোম কোৱাৰেণ্টাইন

বিগত সপ্তাহত শচীনে ৰোড ছেফটি ৱৰ্ল্ড ছিৰিজৰ বাবে ইণ্ডিয়া লেজেণ্ডছ টীমৰ অধিনায়ক হিচাপে দলক ফাইনেল জিকাইছিল।

  • Share this:
কোৰোণাত আক্ৰান্ত মহান ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ। এই কথা নিজেই ছচিয়েল মিডিয়াযোগে জনাইছে ক্ৰিকেটৰ ভগৱান তেণ্ডুলকাৰে। শচীনে নিজকে হোম কোৱাৰেণ্টাইন কৰিছে। তেওঁ শেহতীয়াকৈ ৰায়পুৰত প্ৰাক্তন ক্ৰিকেটাৰৰ ‘ৰোড ছেফটি ৱৰ্ল্ড ছিৰিজ চেলেঞ্জ’ টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিছিল।

শচীনে টুইট কৰি লিখিছে, ‘‘মই বাৰম্বাৰ পৰীক্ষা কৰাইছিলো, লগতে সকলো নীতি–নিৰ্দেশনা পালন কৰি আছিলো। সাধাৰণ লক্ষণৰ সৈতে মোৰ কোৰোণা পজিটিভ পোৱা গৈছে। ঘৰত আন সদস্যৰ ৰিপ’ৰ্ট নিগেটিভ আহিছে। মই নিজকে কোৱাৰেণ্টাইন কৰিছো আৰু সকলো নীতি–নিয়ম মানি আছো। চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিছো। মোৰ যত্ন লোৱা স্বাস্থ্যকৰ্মীসকলক কৃতজ্ঞতা জনাইছো।’’

বিগত সপ্তাহত শচীনে ৰোড ছেফটি ৱৰ্ল্ড ছিৰিজৰ বাবে ইণ্ডিয়া লেজেণ্ডছ টীমৰ অধিনায়ক হিচাপে দলক ফাইনেল জিকাইছিল। এই টুৰ্ণামেণ্টৰ ফাইনেলত ভাৰতে শ্ৰীলংকা লেজেণ্ডছক পৰাজিত কৰিছিল।
Published by:Sanjay Kumar Das
First published: