ক্ৰিকেট মেচত অঘটন, অৰ্ধশতক অৰ্জনৰ পিছতে মৃত্যু হ’ল বেটছমেনৰ

News18-Assam
Updated:November 18, 2019, 12:08 PM IST
ক্ৰিকেট মেচত অঘটন, অৰ্ধশতক অৰ্জনৰ পিছতে মৃত্যু হ’ল বেটছমেনৰ
দেওবাৰে অনুষ্ঠিত খেলখনত ৬৬ ৰানৰ সুন্দৰ ইনিংছ খেলে বীৰেন্দ্ৰই। তাৰ পিছতে উইকেটৰ পিছফালে কেচ আউট হয়।

দেওবাৰে অনুষ্ঠিত খেলখনত ৬৬ ৰানৰ সুন্দৰ ইনিংছ খেলে বীৰেন্দ্ৰই। তাৰ পিছতে উইকেটৰ পিছফালে কেচ আউট হয়।

  • News18 Assam
  • Last Updated: November 18, 2019, 12:08 PM IST
  • Share this:
ঘটনাটো হায়দৰাবাদৰ। এখন ক্লাব মেচৰ মাজতে মৃত্যু হ’ল এজন ক্ৰিকেটাৰৰ। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, দেওবাৰে এখন এদিনীয়া লীগ মেচ চলি আছিল। মাৰডপল্লী স্প’ৰ্টিং ক্লাবৰ হৈ বেটিং কৰি আছিল ৪১ বছৰীয়া বীৰেন্দ্ৰ নায়ক নামৰ খেলুৱৈজনে। বীৰেন্দ্ৰই সুন্দৰকৈ আগুৱাই নিছিল নিজৰ ইনিংছ। কিন্তু ৬৬ ৰান সংগ্ৰহ কৰাৰ পিছতে আউট হয় বীৰেন্দ্ৰ।

দেওবাৰে অনুষ্ঠিত খেলখনত ৬৬ ৰানৰ সুন্দৰ ইনিংছ খেলে বীৰেন্দ্ৰই। তাৰ পিছতে উইকেটৰ পিছফালে কেচ আউট হয়। কোৱা হৈছে যে আম্পায়াৰৰ সিদ্ধান্তক লৈ অসন্তুষ্ট আছিল বীৰেন্দ্ৰ। পেভিলিয়নলৈ ওভতি দেৱালত মূৰ মাৰিছিল আৰু ঢলি পৰিছিল খেলুৱৈজন।

ততালিকে খেলুৱৈজনক হাস্পতাললৈ নিয়া হয় যদিও মৃত ঘোষণা কৰে চিকিৎসকে। ছিকন্দ্ৰাবাদৰ যশোদা হাস্পতালত শেষনিশ্বাস ত্যাগ কৰে বীৰেন্দ্ৰই।

ইংৰাজী কাকত ডেক্কান ক্ৰ’নিকেলৰ খবৰ অনুসৰি, বীৰেন্দ্ৰ নায়কৰ মৃত্যু হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলত হৈছে। বীৰেন্দ্ৰৰ ভাতৃয়ে আৰক্ষীক জনোৱা অনুসৰি, বীৰেন্দ্ৰই বুকুৰ বেমাৰৰ ঔষধ খাই আছিল।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি