ক্ৰিকেট বেট লৈ খেলপথাৰত নহয়, এইবাৰ AK-47 লৈ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজিব এম এছ ধোনীয়ে। আজি কাশ্মীৰত সেনাৰ সন্ত্ৰাসবাদ বিৰোধী গোটত যোগদান কৰিব ধোনীয়ে। ৱেষ্ট ইণ্ডিজ ভ্ৰমণলৈ যোৱাৰ পৰিৱৰ্তে ধোনীয়ে ১৫ দিনৰ বাবে পেৰা কমাণ্ডো বেটেলিয়নত থাকিব। ১৫ আগষ্টলৈকে পেৰা কমাণ্ডো বেটেলিয়নৰ সৈতে থাকিব ধোনী।
ধোনীয়ে যোগদান কৰা বেটেলিয়নত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৭০০ সৈনিক আছে, য’ত আছে গোৰ্খা, শিখ, ৰাজপুতৰ দৰে সকলো ৰেজিমেণ্টৰ সৈনিক। দিন–ৰাতি কাম কৰিব লাগিব মহেন্দ্ৰ সিং ধোনীয়ে।
দৈনিক ভাস্কৰৰ খবৰ অনুসৰি, ধোনীয়ে ১৯ কিলোগ্ৰাম ওজন লগত লৈ ফুৰিব লাগিব। ধোনীৰ সৈতে থাকিব প্ৰায় ৫ কিলোগ্ৰাম ওজনৰ তিনিটা মেগজিন, তিনি কিলোগ্ৰাম ওজনৰ পোছাক, ২ কিলোগ্ৰাম ওজনৰ জোতা, ১ কিলোগ্ৰাম ওজনৰ হেলমেট, চাৰি কিলোগ্ৰাম ওজনৰ বুলেটপ্ৰুফ জেকেট আৰু প্ৰায় চাৰি কিলোগ্ৰাম ওজনৰ গ্ৰেনেড।
![]()
ধোনীয়ে শ্ৰীনগৰৰ বাদামী বাগ কেণ্ট অঞ্চলত ৮–১০ জনীয়া এটা গোটৰ সৈতে থাকিব। ধোনীক AK-47ৰ লগতে দিয়া হ’ব গ্ৰেনেড। গাৰ্ড ইউনিটৰ ৰখীয়াৰ দায়িত্বত থাকিব ধোনী। দিনৰ ডিউটীৰ বাবে ধোনীয়ে পুৱা চাৰি বজাত বিচনাৰ পৰা উঠিব লাগিব আৰু নিশা ডিউটী থাকিলে পুৱা সোনকালে উঠাৰ পৰা ৰেহাই পাব পাৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|