প্ৰাক্তন ভাৰতীয় অধিনায়ক এম এছ ধোনীৰ অৱসৰৰ ঘোষণাই সকলোকে হতবাক কৰি তুলিছে। ইনষ্টাগ্ৰামত ধোনীয়ে এটা ভিডিঅ’ আপলোড কৰি আন্তঃৰাষ্ট্রীয় ক্ৰিকেটক বিদায় জনায়। ধোনীৰ এই পোষ্টত বহু ৰথী–মহাৰথীয়ে শুভেচ্ছা জ্ঞাপন কৰে। ধোনীৰ অৱসৰক লৈ পত্নী সাক্ষী ধোনীয়েও কমেণ্ট কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
ধোনীয়ে যিটো ভিডিঅ’ শ্বেয়াৰ কৰিছে তাত তেওঁ নিজৰ কেৰিয়াৰৰ সকলো স্মৰণীয় মুহূৰ্ত দেখুৱাইছে। ধোনীৰ পত্নীয়ে এই ভিডিঅ’ত কমেণ্ট কৰি হাতযোৰ কৰা ইম’জীৰ সৈতে হাৰ্ট ইম’জী পোষ্ট কৰে। উল্লেখযোগ্য ধোনীৰ অৱসৰক লৈ পূৰ্বে কেইবাবাৰো উৰাবাতৰি প্ৰচাৰ হৈছিল আৰু প্ৰতিবাৰেই সাক্ষীয়ে ইয়াৰ প্ৰত্যুত্তৰ দি স্পষ্ট কৰি দিছিল। লকডাউনৰ সময়তো টুইটাৰত #dhoniretire ট্ৰেণ্ড কৰিছিল। তেতিয়াও সাক্ষীয়ে টুইট কৰি এয়া উৰাবাতৰি বুলি কৈছিল।
সাক্ষীয়ে সকলো সময়তে ধোনীৰ সৈতে থিয় দিয়ে। ছচিয়েল মিডিয়াত বহু কম এক্টিভ থকা খেলুৱৈসকলৰ ভিতৰত এজন ধোনী। যেতিয়াই তেওঁক ট্ৰ’ল কৰা হয়, সাক্ষীয়ে আগুৱাই আহি উত্তৰ দিয়ে। সাক্ষী আৰু ধোনীৰ বিবাহ ২০১০ চনত হৈছিল আৰু ২০১৫ চনত ধোনী এগৰাকী কন্যাৰ পিতৃ হৈছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|