মুখ্যপৃষ্ঠা »খবৰ »দেশ »জানুৱাৰীতে অৱসৰ? BCCI-ৰ বাৰ্ষিক চুক্তিৰ পৰা বাদ পৰিল এমএছ ধোনী

জানুৱাৰীতে অৱসৰ? BCCI-ৰ বাৰ্ষিক চুক্তিৰ পৰা বাদ পৰিল এমএছ ধোনী

অৱসৰ সমাগত নে কি ধোনীৰ? এতিয়ালৈকে খুলি একো নকলেও বিচিচিআইৰ পদক্ষেপৰ পৰা নানানটা জল্পনা–কল্পনা চলিছে। 

অৱসৰ সমাগত নে কি ধোনীৰ? এতিয়ালৈকে খুলি একো নকলেও বিচিচিআইৰ পদক্ষেপৰ পৰা নানানটা জল্পনা–কল্পনা চলিছে। 

  • Share this:
জুলাই, ২০১৯ৰ ভাৰতীয় ক্ৰিকেট টীমৰ সৈতে নাই মহেন্দ্ৰ সিং ধোনী। বিশ্বকাপৰ ছেমি ফাইনেলত নিউজীলেণ্ডৰ সৈতে খেলা খেলখনেই আছিল তেওঁৰ অন্তিমখন খেল। তেতিয়াৰ পৰা ধোনীৰ ক্ৰিকেট কেৰিয়াৰক লৈ নানানটা চৰ্চা অব্যাহত। ইয়াৰ মাজতে বিচিচিআইৰ বাৰ্ষিক চুক্তিৰ পৰা বাহিৰ হৈছে ধোনী। তেওঁক কণ্ট্ৰেক্টৰ কোনো শিতানতে ৰখা হোৱা নাই। যোৱা বছৰ তেওঁ এ গ্ৰেড চুক্তিত আছিল। এই গ্ৰেডৰ অধীনত তেওঁ বছৰত বিচিচিআইৰ পৰা ৫কোটি টকা পালেহেতেন। উল্লেখ্য যে, আইচিচি ৱৰ্ল্ড কাপ ২০২০ৰ অক্টোবৰত খেলা হ’ব।

ধোনীক নিউজীলেণ্ড ভ্ৰমণৰ কাৰণে ভাৰতীয় টীমতো লোৱা হোৱা নাই। এতিয়া তেওঁৰ ওচৰত কেৱল আইপিএল খেলাৰহে সুযোগ আছে। উল্লেখযোগ্য যে, এতিয়াও বহুতে তেওঁক টী–২০ ৱৰ্ল্ড কাপত ভাৰতীয় দলৰ অংশ হোৱাৰ দাবীদাৰ আখ্যা দি আছে। শেহতীয়াকৈ ভাৰতীয় দলৰ কোচ ৰবি শাস্ত্ৰীয়ে সাক্ষাৎকাৰত কৈছিল যে ধোনীয়ে শীঘ্ৰেই ৱানডেৰ পৰা সন্যাস ল’ব পাৰে। কিন্তু আন্তঃৰাষ্ট্ৰীয় টি–২০ৰ কাৰণে তেওঁৰ ধোনীৰ নাম প্ৰস্তাৱ কৰিছিল।

ইয়াৰ আগতে ধোনীয়ে জানুৱাৰীলৈকে ক্ৰিকেটৰ পথাৰলৈ উভতি অহাৰ প্ৰসংগত প্ৰশ্ন নকৰিবলৈ অনুৰোধ কৰিছিল! ২০১৪চনত তেওঁ টেষ্ট ক্ৰিকেটৰ পৰা সন্যাস লৈছিল। তেওঁ কোনো বিশেষ আগতীয়া খবৰ নিদিয়াকৈ টেষ্টৰ পৰা অৱসৰ লৈছিল। তেওঁৰ কেপ্তেইনশ্বিপত ভাৰতে ২০০৭চনৰ টী–২০ ৱৰ্ল্ড কাপ, ২০১১ৰ ৱৰ্ল্ড কাপ আৰু ২০১৩চনৰ চেম্পিয়নছ ট্ৰফী জিকিছিল। লগতে তেওঁ ভাৰতক টেষ্টৰ এক নম্বৰ টীমো কৰিছিল।

শেহতীয়া বাতৰি