মুখ্যপৃষ্ঠা »খবৰ »দেশ »আগত টি–২০ বিশ্বকাপ, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে এইগৰাকী ভাৰতীয় দলৰ অলৰাউণ্ডাৰে

আগত টি–২০ বিশ্বকাপ, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে এইগৰাকী ভাৰতীয় দলৰ অলৰাউণ্ডাৰে

Source-Google

১৫ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক জনালে বিদায়

  • Share this:
দীৰ্ঘসময় ধৰি জাতীয় দলৰ পৰা আঁতৰি থকাৰ পিছত আজি আনুষ্ঠানিক ভাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ খেলুৱৈ ইৰফান পাঠানে। ৩৫ বছৰীয়া ইৰফানে কয় যে, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালেও, তেওঁ খেলি যাব ঘৰুৱা ক্ৰিকেট।



ইৰফান পাঠানে ভাৰতৰ হৈ ২৯ খন টেষ্ট, ১২০ খন এদিনীয়া, ২৪ খন টি–২০ মেচত ভাগ লৈছে। টেষ্টত ইৰফানে ১০০ টা, এদিনীয়াত ১৭৩ আৰু টি–২০ত ২৮ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে। সেইদৰে টেষ্টত ইৰফান পাঠানে ১১০৫ ৰান সংগ্ৰহ কৰিছে। য’ত আছে এটা শতৰানৰ লগতে ৬ টা অৰ্ধশতক। এদিনীয়াত ইৰফান পাঠানে পাঁচটা অৰ্ধশতৰানৰ সহায়ত সংগ্ৰহ কৰিছে মুঠ ১৫৪৪ ৰান। ইৰফানে ভাৰতৰ হৈ শেষৰ খন মেচ ২০১২ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিছিল।

২০০৭ চনত টি–২০ বিশ্বকাপ জয়ত ইৰফানৰ আছিল উল্লেখযোগ্য ভুমিকা।

শেহতীয়া বাতৰি