IND vs AUS: অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টত ঐতিহাসিক জয় লাভ টীম ইণ্ডিয়াৰ, অভিলেখৰ জোৱাৰ

News18 Assam | News18-Assam
Updated:January 19, 2021, 2:28 PM IST
IND vs AUS: অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টত ঐতিহাসিক জয় লাভ টীম ইণ্ডিয়াৰ, অভিলেখৰ জোৱাৰ
আয়োজক অষ্ট্ৰেলিয়াক ভাৰতে চতুৰ্থ মেচত ৩২৮ৰাণৰ লক্ষ্য বান্ধি দিছিল। ভাৰতে ৭ উইকেটত এই লক্ষ্যত উপনীত হয়।

আয়োজক অষ্ট্ৰেলিয়াক ভাৰতে চতুৰ্থ মেচত ৩২৮ৰাণৰ লক্ষ্য বান্ধি দিছিল। ভাৰতে ৭ উইকেটত এই লক্ষ্যত উপনীত হয়।

  • Share this:
আজিংক্য ৰাহাণেৰ নেতৃত্বত (Ajinkya Rahane) টীম ইণ্ডিয়াই (Team India) আয়োজক অষ্ট্ৰেলিাক চতুৰ্থ তথা অন্তিম টেষ্টত ৩ উইকেটত পৰাস্ত কৰি বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী দখল কৰে। অষ্ট্ৰেলিয়াই ভাৰতৰ সন্মুখত জয়ৰ কাৰণে ৩২৮ ৰাণৰ লক্ষ্য ৰাখিছিল। ইয়াৰ উত্তৰত ভাৰতৰ শুভমন গীল,ঋষভ পন্ত, চেতেশ্বৰ পূজাৰাৰ অৰ্ধশতৰাণৰ ইনিংছৰ বলত সাত উইকেটত সহজে জয় লাভ কৰে টীমে। এই ঐতিহাসিক জয়ৰ লগে লগে ভাৰতে একেলগে বহুকেইটা অভিলেখ গঢ়িলে।

অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ৩৬৯ ৰাণ কৰিছিল, ভাৰতে ইয়াৰ পিছত প্ৰথম ইনিংছত ৩৩৬ৰাণ কৰি অল আউট হয়। দ্বিতীয় ইনিংছত ভাৰতৰ বলাৰসকলে আয়োজকক ২৯৪ৰাণত বান্ধি দিয়ে। ইয়াৰ পিছতে ভাৰতে ৭উইকেটত ৩২৯ ৰাণ কৰি চিৰিজ দখল কৰে।

ভাৰতে টেষ্ট মেচ জয় কৰিবলৈ পঞ্চম দিনত ৩২৫ৰাণ কৰে। টেষ্ট ক্ৰিকেটৰ ইতিহাসত মেচত জয়লাভ কৰিবলৈ তৃতীয়বাৰ পঞ্চম দিনত সৰ্বাধিক ৰাণ সংগ্ৰহ হয়। ১৯৪৮ত লিডছত অষ্ট্ৰেলিয়াই ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম দিনত ৪০৪ৰাণ কৰি মেচত জয়লাভ কৰিছিল। সেইদৰে ১৯৮৪ত ৱেষ্ট ইণ্ডিজে ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম ইনিংছত ৩৪৪ৰাণ কৰি টেষ্ট মেচ জিকিছিল।

ভাৰতে পঞ্চমবাৰলৈ প্ৰথম টেষ্ট মেচত পৰাস্ত হৈও চিৰিজ দখল কৰে। ইয়াৰ পূৰ্বে ১৯৭২–১৯৭৩ত ইংলেণ্ড, ২০০০–২০০১ত অষ্ট্ৰেলিয়া, ২০১৫ত শ্ৰীলংকা, ২০১৬–২০১৭ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম টেষ্ট হাৰিও চিৰিজ ২–১ত দখল কৰিছিল।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঘৰুৱা গ্ৰাউণ্ডত কোনোবাই তৃতীয় বাৰলৈ আটাইতকৈ বৃহৎ লক্ষ্য অতিক্ৰম কৰিছে। ইয়াৰ পূৰ্বে ২০০৮–২০০৯ত দক্ষিণ আফ্ৰিকাই পাৰ্থত ৪১৪ৰাণৰ লক্ষ্য ১৯২৮–১৯২৯ত ইংলেণ্ডে মেলব’ৰ্নত ৩৩২ৰাণৰ লক্ষ্য অতিক্ৰম কৰিছিল।

ভাৰতৰ এই তৃতীয় জয় হৈছে সকলোতকৈ অধিক লক্ষ্য অতিক্ৰম কৰি কৰা জয়। ইয়াৰ পূৰ্বে ১৯৭৫–১৯৭৬ত ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে ৪০৬ৰাণৰ লক্ষ্য আৰু ২০০৮–২০০৯চনত ইংলেণ্ডৰ বিৰুদ্ধে সকলোতকৈ ডাঙৰ লক্ষ্য অতিক্ৰম কৰিছিল।
First published: January 19, 2021, 2:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি