কমল হাছান-কাজল আগৰৱালৰ ছবি ‘Indian2’ৰ ছেটত ভয়ংকৰ দুৰ্ঘটনা, ক্ৰেন ভাঙি সহ–পৰিচালক সহ তিনিজনৰ মৃত্যু

News18 Assam | News18-Assam
Updated:February 20, 2020, 4:44 PM IST
কমল হাছান-কাজল আগৰৱালৰ ছবি ‘Indian2’ৰ ছেটত ভয়ংকৰ দুৰ্ঘটনা, ক্ৰেন ভাঙি সহ–পৰিচালক সহ তিনিজনৰ মৃত্যু
ক্ৰেন ভাঙি ছবিৰ শ্বুটিং থলীত নিহত হ’ল সহকাৰী পৰিচালক সহ তিনিজনৰ

ক্ৰেন ভাঙি ছবিৰ শ্বুটিং থলীত নিহত হ’ল সহকাৰী পৰিচালক সহ তিনিজনৰ

  • Share this:
ক্ৰেন ভাঙি ছবিৰ শ্বুটিং থলীত নিহত হ’ল সহকাৰী পৰিচালক সহ তিনিজনৰ। বুধবাৰে সন্ধিয়া চেন্নাইৰ EVP ফিল্ম চিটিত চলি আছিল এছ শংকৰৰ পৰিচালনাত বিগবাজেট ছবি ‘ইণ্ডিয়ান২’ৰ শ্বুটিং। কিন্তু শ্বুটিঙ চলি থকাৰ মাজতে হঠাৎ ১৫০ ফুট উচ্চতাৰ ক্ৰেন ভাঙি ছবিখনৰ সহকাৰী পৰিচালক আৰু ছবিখনৰ সৈতে জড়িত আন দুজন লোকৰ গাত পৰি যায়। ফলত থিতাতে নিহত হয় তিনিওজন লোক। দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হৈছে ৯ জন লোক। আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।





ইতিমধ্যে মুকলি কৰা হৈছে ছবিখনৰ পষ্টাৰ। দক্ষিণ ভাৰতত ছবিখনে শ্বুটিং আৰম্ভ হোৱা দিনধৰি চৰ্চা লাভ কৰি আছে। কিন্তু অকস্মাতে ছবিখনৰ শ্বুটিং ছেটত হোৱা দুৰ্ঘটনাত তিনিজন লোক মৃত্যু হোৱা ঘটনাই গভীৰ শোকৰ ছাঁ পেলাইছে।
Published by: Himangshu Bhuyan
First published: February 20, 2020, 4:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি