কংগ্ৰেছমুখী আৰু বিজেপিমুখী পেজসমূহ গুচোৱা কাৰ্যৰে ফেচবুকৰ কঠোৰ বাৰ্তা

ছচিয়েল মিডিয়াত কোনে পষ্ট কৰিছে, কি পষ্ট কৰিছে আৰু কোনে বিজ্ঞাপনৰ বাবে ধন আদায় দিছে সেই কথাৰ ওপৰত নজৰ দিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে।

news18assam
Updated:April 16, 2019, 1:05 PM IST
কংগ্ৰেছমুখী আৰু বিজেপিমুখী পেজসমূহ গুচোৱা কাৰ্যৰে ফেচবুকৰ কঠোৰ বাৰ্তা
ছচিয়েল মিডিয়াত কোনে পষ্ট কৰিছে, কি পষ্ট কৰিছে আৰু কোনে বিজ্ঞাপনৰ বাবে ধন আদায় দিছে সেই কথাৰ ওপৰত নজৰ দিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে।
news18assam
Updated: April 16, 2019, 1:05 PM IST

চাফাই কাৰ্যত লাগি গৈছে ফেচবুক। ছচিয়েল নেটৱৰ্কটোৱে ভাৰত সহ বহু দেশত এই মাধ্যমৰ সম্ভাব্য অপব্যৱহাৰ ৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ আৰু বৃহৎ পৰিসৰত নীতি নিৰ্ধাৰণ কৰিছে। মাধ্যমত উপলব্ধ বিষয়বস্তুৰ ওপৰত নজৰ দিয়াৰ ব্যৱস্থা, তৃতীয় পক্ষৰ সহযোগীৰ সৈতে তথ্যৰ পৰীক্ষণ, ছচিয়েল নেটৱৰ্কৰ কঠোৰ নিৰীক্ষণৰ প্ৰয়োজন হোৱা বিজ্ঞাপনৰ নীতিৰ ক্ষেত্ৰত ফেচবুকৰ আমূল পৰিৱৰ্তন সাধন হৈছে।  সময়ৰ দিশৰ পৰাও এই কথা যথেষ্ট তাৎপৰ্যপূৰ্ণ হৈ পৰিছে কাৰণ ২০১৯ৰ লোকসভা নিৰ্বাচনৰ ঠিক আগে আগে এই পৰিৱৰ্তন সমূহ কৰা হৈছে। শেহতীয়াকৈ ভাৰতৰ ফেচবুক মাধ্যমত বহু পৰিৱৰ্তন হৈছে। এয়া কেৱল বহুতেই আপত্তি কৰি থকা ধৰণে কি বিষয়বস্তু ফেচবুকত পষ্ট কৰা হৈছে তাৰ নীৰিক্ষণৰ মাজতে সীমাৱদ্ধ হৈ থকা নাই, বৰং ফেচবুকে বিষয়বস্তুৰ মান, কোনে পষ্ট কৰিছে আৰু গ্ৰহণৰ অযোগ্য আচৰণ বা সম্ভাব্য স্পেমিঙ ৰোধ কৰিবলৈও বিশ্লেষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।


“Removing Coordinated Inauthentic Behavior and Spam”, মেচেজেৰে ফেচবুকে ভুৱা বাতৰি, স্পেম, নিম্নমানৰ বিষয়বস্তু আৰু ভুল তথ্য আঁতৰাবলৈ ফেচবুকে ব্য়ৱস্থা লৈছে। এইক্ষেত্ৰত সংখ্যাই তুলি ধৰিছে অন্য এক কাহিনী! এই চাফাইৰ প্ৰথম পৰ্যায়ত ফেচবুকে জনোৱা মতে তেওঁলোকে মুঠ ৬৮৭টা ফেচবুক পেজ আৰু একাউণ্ট আঁতৰাইছে। এই একাউণ্ট আৰু পেজসমূহৰ আঁৰৰ ব্যক্তিসকল হৈছে কংগ্ৰেছৰ আইটি চেলৰ সৈতে  সম্পৰ্কিত। এই একাউণ্ট আৰু পেজসমূহ কমেও দুই লাখ ছয়হাজাৰ ব্যৱহাৰকাৰীৰ মাজত প্ৰচলিত আৰু ইয়াৰ বাবে ২,৭০১,৬৮০টকা ২০১৪চনৰ আগষ্ট মাহৰ পৰা ২০১৯চনৰ মাৰ্চলৈ বিজ্ঞাপনৰ নামত খৰছ কৰা হৈছিল। একেসময়তে ফেচবুকে জনাইছে ভুল তথ্য আৰু অসমৰ্থিত বাতৰি শ্বেয়াৰ কৰাৰ বাবে অতিৰিক্ত ১৫জন ব্যৱহাৰকাৰীক আঁতৰোৱা হৈছে। ইয়াৰ ভিতৰত আছে এখন পেজ, ১২টা একাউণ্ট, এটা গোট আৰু এটা ইনষ্টাগ্ৰাম একাউণ্ট আছে। ইয়াৰে দ্য ইণ্ডিয়ান আই নামৰ পেজখনত ৰাজনৈতিক প্ৰতিপক্ষক ঠাট্টা মস্কৰা কৰি নৰেন্দ্ৰ মোদী চৰকাৰৰ সফলতাৰ বাবে প্ৰশংসা কৰা হৈছিল। ইণ্ডিয়ান আই বন্ধ কৰোতে ইয়াৰ ফেচবুকত ফল’ৱাৰ আছিল ২.৬মিলিয়ন আৰু ইনষ্টাগ্ৰামত ৩০হাজাৰৰো অধিক ফল’ৱাৰ। তাৎপৰ্যপূৰ্ণ যে ফেচবুকে এই কঠোৰ ব্যৱস্থা লোৱাৰ পিছতে টুইটাৰেও দ্য ইণ্ডিয়ান আই একাউণ্টটো বন্ধ কৰি দিয়ে।


 ফেচবুকে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা ভাৰতেই একমাত্ৰ দেশ নহয়, একেধৰণৰ ব্যৱস্থা পাকিস্তান, ফিলিপিনছ, ইৰাণ, ৰাছিয়া, মেকডনিয়া, কছভ’, গ্ৰেট ব্ৰিটেইন আৰু ৰোমানিয়াত যোৱা কিছু সপ্তাহত গ্ৰহণ কৰা হৈছে। বছৰৰ আৰম্ভনিতে ফেচবুকে ভাৰতৰ বাবে নতুন বিজ্ঞাপন নীতি ঘোষণা কৰিছিল। এইমতে ৰাজনৈতিক বিজ্ঞাপন দিওঁতে ফেচবুকত ‘দিওঁতা’ অথবা ‘ধন দিওঁতা’ ৰ বিষয়ে উল্লেখ কৰাটো বাঞ্চনীয়। বিজ্ঞাপনৰ কাৰণে স্পেচ ক্ৰয় কৰোতে বিজ্ঞাপনদাতাই এইসমূহ উল্লেখ কৰাটো অনিবাৰ্য। ইয়াৰ জৰিয়তে ফেচবুক ব্যৱহাৰকাৰীসকলে কোনে বিজ্ঞাপনৰ বাবে টকা দিছে সেয়া নিজৰ টাইমলাইনত দেখা পাই থাকিব।



ছচিয়েল নেটৱৰ্কে বিজ্ঞাপনদাতাসকলক এইসকলো পৰ্যায় সম্পূৰ্ণ কৰাৰ পিছতে ৰাজনৈতিক বিজ্ঞাপন দিবলৈ অনুমতি প্ৰদান কৰে। নতুন নীতিৰ আন এক ডাঙৰ প্ৰভাৱ হৈছে ব্যৱহাৰকাৰীসকলে এতিয়া পেচবুকত নিজৰ বাৰ্তাসমূহ কিমান প্ৰচাৰ কৰিব লাগে সেয়া জানিব পৰা হৈছে। এড লাইব্ৰেৰী ৰিপ’ৰ্ট ফ’ৰ ইণ্ডিয়াৰ মতে মাৰ্চ মাহৰ শেষলৈকে এনেধৰনৰ বিজ্ঞাপন দিওঁতাৰ বেছিভাগেই আছিল বিজেপিমুখী বিজ্ঞাপন।
ভাৰত কে মন কী বাত নামৰ এক বিজ্ঞাপন দিওঁতাই মাহটোৰ ভিতৰত ২,৪৯৮টা বিজ্ঞাপন দিয়াৰ বাবে ১১,৫৬২,৫৫০টকা খৰছ কৰিছিল। একেজন বিজ্ঞাপন দিওঁতাই লগতে ডিচক্লেইমাৰৰ ৰূপত বিজ্ঞাপন দিবলৈ বেলেগকৈ ১০,৮৩১,৫৪৬টকা ব্যয় কৰিছিল।


ফেচবুকত মাৰ্চ মাহত প্ৰথম দহজন আটাইতকৈ বেছি বিজ্ঞাপনদাতাৰ ওপৰত চকু ফুৰালে দেখা যায় ইয়াৰ ভিতৰত বেছিভাগেই বিজেপিক সমৰ্থন কৰা পেজ।  জানুৱাৰী মাহত ফেচবুকে নতুন টুল পেজ প্ৰশাসক মুকলি কৰে। ইয়াৰ ভিতৰত আটাইতকৈ আকৰ্ষণীয় হৈছে পেজ কোৱালিটী লেব–ইয়াত এনে এট শিতান অন্তৰ্ভুক্ত কৰা হৈছে য’ত ফেচবুকে অযোগ্য বিবেচনা কৰি আঁতৰোৱা সকলো বিষয়বস্তুৰ তালিকা সন্নিবিষ্ট হ’ব। আন এটা শিতানত ‘ভুল’ ‘মিশ্ৰিত’, অথবা ‘ভুল হেডলাইন’ তৃতীয় পক্ষৰ তথ্য পৰীক্ষাৰ পিছত সন্নিবিষ্ট তথ্য তালিকাভুক্ত হৈ থাকিব। "আমি পেজৰ মান সন্দৰ্ভত অধিক তথ্য সময়ে সময়ে দি যাম, আৰম্ভনি হিচাপে আমি বিষবাষ্প বিয়পোৱা ভাষণ,গ্ৰাফিক্সৰূপী হিংসা, হাৰাশাস্তি আৰু অৱদমন জাতীয় বিষয় আঁতৰাই নগ্নতা, যৌনগন্ধী কাৰ্যকলাপ আৰু কোনো নিৰ্দিষ্ট ব্যক্তিৰ সমৰ্থন অথবা প্ৰশংসা জাতীয় বিষয় ফেচবুকৰ মজিয়াত নিয়ন্ত্ৰণ কৰা হৈছে।" এটা ব্ল’গৰ জৰিয়তে ফেচবুকে এই কথা প্ৰকাশ কৰে।


ফেচবুকে যে তীক্ষ্ণ নজৰ দি আছে সেই কথা নিশ্চিত কিন্তু ভাৰতৰ আগন্তুক নিৰ্বাচনৰ প্ৰাকক্ষণত এই বিষয়সমূহক লৈ যথেষ্ট সক্ৰিয় হৈ আছে। কি বিষয়বস্তু পষ্ট কৰা হৈছে, কোনে পষ্ট কৰিছে আৰু কোনে বিজ্ঞাপনৰ টকা দিছে এই বিষয়সমূহ সূক্ষ্মভাৱে নিৰীক্ষণ কৰা হৈছে। সম্ভৱতঃ সক্ৰিয়ভাৱে গুৰু–গোঁসাই নমনা ফেচবুক পেজসমূহ চিনাক্তকৰণ কৰাৰ বাবেই এই ব্য়ৱস্থা প্ৰশংসনীয়।  কোনো ভুল কৰিব নালাগে, ৰাজনৈতিক দলসমূহ অধিক সতৰ্ক হওক। এয়া প্ৰচাৰৰ কামত নিয়োজিত আনঅফিচিয়েল সহযোগীৰ বিৰুদ্ধে ফেচবুকৰ যুদ্ধ।

আৰু চাওক পৰৱৰ্তী বাতৰি