গো–মূত্ৰৰে কৰ্কট ৰোগ নিৰাময় হয়! সাধ্বী প্ৰজ্ঞা ঠাকুৰৰ দাবী

ভূপালৰ বিজেপি প্ৰত্যাশীগৰাকীৰ মন্তব্যই ছচিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিয়ে আছে। ইয়াৰ আগতে প্ৰজ্ঞা ঠাকুৰে কৈছিল গাই গৰুৰ পিঠিত হাত ফুৰালে উচ্চ ৰক্তচাপ ভাল হয়।

news18
Updated:April 23, 2019, 4:27 PM IST
গো–মূত্ৰৰে কৰ্কট ৰোগ নিৰাময় হয়! সাধ্বী প্ৰজ্ঞা ঠাকুৰৰ দাবী
ভূপালৰ বিজেপি প্ৰত্যাশীগৰাকীৰ মন্তব্যই ছচিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিয়ে আছে। ইয়াৰ আগতে প্ৰজ্ঞা ঠাকুৰে কৈছিল গাই গৰুৰ পিঠিত হাত ফুৰালে উচ্চ ৰক্তচাপ ভাল হয়।
news18
Updated: April 23, 2019, 4:27 PM IST
ছহীদ হেমন্ত কাৰকাৰেৰ সন্দৰ্ভত অপমানজনক মন্তব্য, বাবৰি মছজিদ ধ্বংস কৰাৰ গৌৰৱ আদি ইটোৰ পিছত সিটো বিতৰ্কৰে বাতৰিৰ শিৰোনাম দখল কৰা সাধ্বী প্ৰজ্ঞা ঠাকুৰ আকৌ এবাৰ চৰ্চাত। এইবাৰ প্ৰজ্ঞা ঠাকুৰে কাকো অপমান কৰা নাই দেই! এইবাৰ তেওঁ উচ্চ ৰক্তচাপ আৰু দুৰাৰোগ্য কৰ্কট ৰোগৰ চিকিৎসাৰ বিধান দিছে। গৌমূত্ৰৰে এই ৰোগৰ নিৰাময় দেখুওৱা প্ৰজ্ঞা ঠাকুৰৰ মন্তব্য ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।











 ব্যক্তিগত সংবাদ প্ৰতিষ্ঠান এটাত দিয়া সাক্ষাৎকাৰত প্ৰজ্ঞা ঠাকুৰে কয় গাইগৰুৰ পিঠিত হাত ফুৰালে উচ্চ ৰক্তচাপৰ পৰা সকাহ লাভ কৰিব পাৰি। নিজৰ এই দাবী বিজ্ঞানসন্মত আখ্যা দি প্ৰজ্ঞা ঠাকুৰে কেনেকৈ হাত ফুৰাব লাগে সেয়াও কৈছে! তেওঁৰ মতে গাইজনীৰ যদি পিঠিৰ পৰা মুখৰ ফাললৈ হাত ফুৰাও তেনেহ’লে গাইজনীয়ে অশান্তি পাব কিন্তু ইয়ৰা দ্বাৰা আমাৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। তেওঁ দাবী কৰে তেওঁ নিজৰ কৰ্কট ৰোগৰ চিকিৎসা নিজে কৰিছে। ইয়াৰ বাবে তেওঁ গৌমূত্ৰ, গোবৰ, গৰুৰ গাখীৰ, গৰুৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা ঘিঁউ আৰু দৈৰ মিশ্ৰনেৰে পঞ্চগব্য প্ৰস্তুত হয় আৰু ইয়াৰে কৰ্কট ৰোগৰ চিকিৎসা সম্ভৱ।



নিজৰ মনোনয়ন দাখিল কৰি সোমবাৰে প্ৰজ্ঞা ঠাকুৰে নিজৰ সম্পত্তি আৰু আয়ৰ উৎসও ৰাজহুৱা কৰে। ভিক্ষা আৰু সমাজৰ বৰঙনিৰে জীৱন নিৰ্বাহ কৰা প্ৰজ্ঞা ঠাকুৰৰ হাতত মুঠ ৪লাখ, ৪৪হাজাৰ, ২২৪টকাৰ স্থায়ী আৰু অস্থায়ী সম্পত্তি আছে। ইয়াৰ ভিতৰত ২লাখ ৫৪হাজাৰ ৪০০টকাৰ গহণাও আছে। সাধ্বীগৰাকীৰ বিৰুদ্ধে ৰুজু হৈ আছে বহুকেইটা অপৰাধজনিত গোচৰ। হত্যাৰ প্ৰয়াস আৰু সন্ত্ৰাসবাদৰ সৈতে জৰিত হৈ থকাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে গোচৰ আছে। ২০০৮চনৰ মালেগাওঁ বিস্ফোৰণৰ সাধ্বী প্ৰজ্ঞা ঠাকুৰ অন্যতম অভিযুক্ত। ইয়াৰ গোচৰ বম্বে হাই কৰ্টত এতিয়াও চলি আছে।








আৰু চাওক পৰৱৰ্তী বাতৰি