গো–মূত্ৰ খালে আৰু গাত গোবৰ সানিলে আক্ৰান্ত নহয় কৰোণা ভাইৰাছত! হিন্দু মহাসভাৰ নেতাৰ আচৰিত যুক্তি

News18 Assam | News18-Assam
Updated:February 2, 2020, 10:29 PM IST
গো–মূত্ৰ খালে আৰু গাত গোবৰ সানিলে আক্ৰান্ত নহয় কৰোণা ভাইৰাছত! হিন্দু মহাসভাৰ নেতাৰ আচৰিত যুক্তি
চীনত মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰোণা ভাইৰাছৰ পৰা কেনেকৈ বাচি থাকিব, হিন্দু মহাসভাৰ নেতাৰ মন্তব্যত দেশজুৰি চাঞ্চল্য

চীনত মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰোণা ভাইৰাছৰ পৰা কেনেকৈ বাচি থাকিব, হিন্দু মহাসভাৰ নেতাৰ মন্তব্যত দেশজুৰি চাঞ্চল্য

  • Share this:
নাম চক্ৰপাণি মহাৰাজ, চিকিৎসক নহয়, হিন্দু মহাসভাৰ হে নেতা, কিন্তু এইবাৰ এইজন মহাৰাজে কৰোণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ আগবঢ়াইছে বিশেষ যুক্তি। নেতাৰ মতে, নিয়মিত গো–মূত্ৰ  আৰু গোবৰ খালে আক্ৰান্ত নহয় কৰোণা ভাইৰাছত। কিন্তু গো–মূত্ৰ বুলি নহয়, খাব লাগিব শান্তি জল বুলি, সেইদৰে গোবৰ গাত লগালে কোনোদিন কৰোণা ভাইৰাছ বিয়পিব নোৱাৰে শৰীৰত।

হিন্দু মহাসভাৰ নেতাৰ এই বিধান অত্যন্ত হাস্যকৰ বুলি মন্তব্য কৰিছে চিকিৎসকে। ইফালে চীনত মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থাই ‘Global Emergency’ ঘোষণা কৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি