চৰ্তসাপেক্ষে খোলা বজাৰত কোভাক্সিন বা কোভিশ্বিল্ড বিক্ৰীত অনুমোদন দিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ক। প্ৰাপ্তবয়স্কৰ শৰীৰত প্ৰয়োগৰ ক্ষেত্ৰত এই অনুমোদন দিয়া হৈছে। এই কথা জনাইছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডবিয়াই। বৃহস্পতিবাৰে এই অনুমোদন দিছে ড্ৰাগছ কণ্ট্ৰোলাৰ জেনেৰেল অৱ ইণ্ডিয়াই।
খোলা বজাৰত কোৰোণা টিকা বিক্ৰীৰ বাবে কেন্দ্ৰীয় নিয়ামক সংস্থাই পূৰ্বেই আবেদন কৰিছিল কোভিশ্বিল্ড প্ৰস্তুতকাৰক সংস্থা চেৰাম ইনষ্টিটিউটত আৰু কোভাক্সিন প্ৰস্তুতকৰ্তা ভাৰত বায়োটেকে।
২০১৯ চনত নেচনেল ড্ৰাগছ এণ্ড ক্লিনিকেল ট্ৰায়েল ৰুলছৰ এই অনুমোদন দিয়া হৈছে। এতিয়ালৈকে জৰুৰীকালীন ভিত্তিত অনুমোদিত জৰুৰীকালীন আবেদন সলনি কৰি ভেকছিনটো এটা সাধাৰণ 'ঔষধ' কৰা হৈছে। নিৰ্দেশ অনুসৰি, ভাৰতীয় চিৰাম ইনষ্টিটিউট (এছ.আই.আই.) আৰু ভাৰত বায়োটেকে নিদানিক পৰীক্ষণবোৰত কিমানটা ভেকছিন প্ৰদান কৰা হৈছে আৰু কিমানটা ভেকছিন ব্যৱহাৰ কৰা হৈছে সেই বিষয়ে তথ্য ৰাখিব লাগিব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|