Corona Virus Third Wave: দেশত আৰম্ভ হ'ব কোৰোণাত তৃতীয় ঢৌ, সতৰ্ক কৰি দিলে দেশৰ মুখ্য বৈজ্ঞানিক উপদেষ্টাই

News18 Assam | News18-Assam
Updated:May 5, 2021, 9:11 PM IST
Corona Virus Third Wave: দেশত আৰম্ভ হ'ব কোৰোণাত তৃতীয় ঢৌ, সতৰ্ক কৰি দিলে দেশৰ মুখ্য বৈজ্ঞানিক উপদেষ্টাই
কোৰোণা মহামাৰীৰ ভয়ংকৰ Second Wave-এ সমগ্ৰ দেশ গ্ৰাস কৰি পেলোৱাৰ মাজতে দেশৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা (Principal Scientific Advisor to Government of India)  ড৹ কে বিজয় ৰাঘৱনে মহামাৰীৰ ‘Third Wave’ আহিব বুলি ঘোষণা কৰিছে ।

কোৰোণা মহামাৰীৰ ভয়ংকৰ Second Wave-এ সমগ্ৰ দেশ গ্ৰাস কৰি পেলোৱাৰ মাজতে দেশৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা (Principal Scientific Advisor to Government of India)  ড৹ কে বিজয় ৰাঘৱনে মহামাৰীৰ ‘Third Wave’ আহিব বুলি ঘোষণা কৰিছে ।

  • Share this:
কোৰোণা মহামাৰীৰ ভয়ংকৰ Second Wave-এ সমগ্ৰ দেশ গ্ৰাস কৰি পেলোৱাৰ মাজতে দেশৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা (Principal Scientific Advisor to Government of India)  ড৹ কে বিজয় ৰাঘৱনে মহামাৰীৰ ‘Third Wave’ আহিব বুলি ঘোষণা কৰিছে । আজি নতুন দিল্লীত এই কথা সদৰি কৰি  তেওঁ কয় – Third Wave অহাটো নিশ্চিত (Inevitable); কিন্তু কেতিয়া আহিব; কিমান ভয়ংকৰ হ’ব বা নহ’ব এই মুহূৰ্তত ক’ব পৰা নাযায় । তেওঁ দেশবাসীক অথবা চৰকাৰক ইয়াৰ কাৰণে প্রস্তুত হৈ থাকিবলৈ আহ্বান জনায় ।

বিজ্ঞানী গৰাকীয়ে লগতে কয় – প্রতিষেধক সমূহক ফলপ্ৰসূ বর্তমান দেখা দিছে কোৰোণা ভাইৰাছৰ প্ৰকাৰ কেইটাৰ বিৰুদ্ধে। ৰূপান্তৰিত প্ৰকাৰৰ (New Mutant) ভেকচিনৰে সহবাস কৰাৰ ক্ষমতা থকাৰ আশংকা প্ৰকাশ কৰিছে বিজ্ঞানী গৰাকীয়ে। ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে Third Waveৰ নিশ্চিত শংকা প্ৰকাশ কৰি ৰাঘৱনে কয় – অত্যাধিক সক্ৰমনশীল ভাইৰাছৰ এক নির্দিষ্ট সময়ত অৱশ্যে সক্ৰমণ হ্ৰাস পায় ।

ভাৰত আৰু সমগ্ৰ বিশ্বত বিজ্ঞানী সকলে এই সন্দৰ্ভত অধিক তথ্য আহৰণ কৰিবলৈ গৱেষণাত ব্ৰতী হৈছে বুলিও উল্লেখ কৰে কেন্দ্ৰীয় চৰকাৰৰ বৈজ্ঞানিক উপদেষ্টাগৰাকীয়ে । বিজ্ঞানী সকলে চৰকাৰ সমূহক সম্ভাব্য বিপদৰ আগজাননী দিবলৈ আৰু ইয়াক প্ৰতিৰোধ কৰাৰ উপায় উদ্ভাৱন কৰাত নিমজ্জিত হৈছে বুলিও লগতে উল্লেখ কৰে।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিব লৱ আগৰৱালে দিল্লীত এখন সংবাদ মেল সম্বোধন কৰি Second Waveএ কেনেকৈ ভয়ংকৰ ৰূপ লৈছে তাৰ বৰ্ণনা আগবঢ়ায় । তেওঁ কয় – দেশত ১২খন ৰাজ্যৰ প্ৰতিখনতে ১ লাখৰ অধিক Active Case আছে। ৭খনত ৫০হাজাৰৰ পৰা ১ লাখৰ ভিতৰত আছে Active case ।
Published by: Himangshu Bhuyan
First published: May 5, 2021, 9:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি