দিন যোৱাৰ লগে লগে কোৰোণা পৰিস্থিতি ভায়ৱহ (Corona Situation in India) ৰূপ ধাৰণ কৰিব ধৰিছে ভাৰতত। বিগত ২৪ ঘণ্টাত ভাৰতত ২২,৭৭৫ গৰাকী লোক নতুনকৈ কোৰোণাত আক্ৰান্ত হৈছে। মহামাৰী ৰোগ বিধত মৃত্যু হৈছে ৪০৬গৰাকী লোকৰ।
বিগত ২৪ ঘণ্টাত ভাৰতত অমিক্ৰন (Omcron)ত সংক্ৰমিত লোকৰ সংখ্যা হৈছে ১৪৩১ গৰাকী। মহাৰাষ্ট্ৰ (maharashtra)ত সৰ্বাধিক ৪৫৪ গৰাকী লোক অমিক্ৰনত সংক্ৰমিত হৈছে। দিল্লীত অমিক্ৰনত (Delhi Omicron) সংক্ৰমিত লোকৰ সংখ্যা হৈছে ৩৫১গৰাকী। তামিলনাডুত ১১৮, গুজৰাটত ১১৫ আৰু কেৰালাত ১০৯ গৰাকী লোক অমিক্ৰনত আক্ৰান্ত হৈছে।
উল্লেখ্য যে কোৰোণাৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী, মহাৰাষ্ট্ৰ, কেৰালা আদি ৰাজ্যই কেতবোৰ বাধা নিষেধ আৰোপ কৰিছে । পৰিস্থিতি অৱনতি ঘটিলে কোৰোণা নীতি অধিক কঠোৰ কৰা হ'ব বুলি ঘোষণা কৰিছে মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰে।
ইপিনে কোভিড (Covid19)ৰ সংহাৰ ৰোধ কৰিবলৈ নতুন বছৰত দেশত শিশুকো কোৰোণা ভেকচিন (Corona Vaccine For Child) প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। আজিৰ পৰাই ১৫ৰ পৰা ১৮ বছৰ বয়সৰ শিশুসকলে ভেকচিনৰ বাবে পঞ্জীয়ন কৰিব পাৰিব।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assamese৩ জানুৱাৰীৰ পৰা দেশত ১৫ৰ পৰা ১৮ বছৰৰ শিশুক কোভিড প্ৰতিষেধকৰ কাম আৰম্ভ হ'ব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|