কোৰোণা (Corona) আৰু লগতে অমিক্ৰন (Omicron) ভেৰিয়েণ্টৰ সংক্ৰমণ বঢ়াৰ লগে লগে ৰাজ্য চৰকাৰসমূহে পৰিস্থিতি চাই ব্যৱস্থা ল'বলৈ বাধ্য হৈ পৰিছে। শেহতীয়াকৈ ৰাজধানী দিল্লীত কোভিড১৯ (Covid19) আৰু অমিক্ৰনৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে য়েলো এলাৰ্ট জাৰি কৰিছে অৰবিন্দ কেজৰিৱাল চৰকাৰে। ইয়াৰ লগতে আজিৰ পৰা দিল্লীৰ বিভিন্ন স্থানত সুৰাৰ দোকান (Wine shop) খোলাৰ সময়ো সলনি কৰিছে। এতিয়া নিশা ৮ বজাতেই সুৰাৰ দোকান বন্ধ কৰিব লাগিব দিল্লী (Delhi)ত। চৰকাৰৰ এই ঘোষণাৰ পিছতেই আজি সন্ধিয়াৰ পৰা দিল্লীৰ বিভিন্ন স্থানত সুৰাৰ দোকানৰ সন্মুখত দেখা গ'ল এনে দীঘলীয়া শাৰী।
৩১ ডিচেম্বৰৰ আগ দিনা শুৰাৰ দোকান সোনকালে বন্ধ কৰিব দিয়াৰ লগে লগে সুৰাপায়ীসকলৰ হাহাকাৰ লাগে। গোল মাৰ্কেটৰ এখন দোকানৰ সন্মুখ দেখা এই দীঘলীয়া লাইন (Long Queue in Front of Wine Shop)টোৱেই তাৰ প্ৰমাণ। এফালে ৩১ ডিচেম্বৰ আনফালে কোৰণাৰ বাধা নিষেধক লৈ সুৰাপায়ীসকল চিন্তিত হৈ পৰিছে।
![]()
Photo: ANI
উল্লেখ্য যে বিগত ২৪ ঘণ্টাত দিল্লীত ১৩১৩ গৰাকী লোক কোৰোণাত আক্ৰান্ত হৈছে। বুধবাৰে আক্ৰান্তৰ সংখ্যা আছিল ৯২৩গৰাকী। দিল্লীত অমিক্ৰনত আক্ৰান্ত (Delhi Omicron Cases) হোৱা লোকৰ সংখ্যা হৈছে ২৬৩ গৰাকী।
![]()
Photo: ANI
ইপিনে মহাৰাষ্ট্ৰত আজি নতুনকৈ ১৯৮ গৰাকী লোক অমিক্ৰনত আক্ৰান্ত (Maharashtra Omicron Cses) হৈছে। মহাৰাষ্ট্ৰত অমিক্ৰনত আক্ৰান্ক মুঠ ৰোগীৰ সংখ্যা হৈছে ৪৫০ গৰাকী।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseআনহাতে মহাৰাষ্ট্ৰত কোভিডত আক্ৰান্ত হৈছে ৫৩৬৮ গৰাকী লোক।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|