Corona মহামাৰীৰ বিৰুদ্ধে চলি থকা যুঁজৰ মাজতে, কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে এটা ডাঙৰ ঘোষণা কৰে যে এতিয়া ১৮ বছৰৰ অধিক বয়সৰ সকলো লোকে ভেকছিনৰ তৃতীয় পালি গ্ৰহণ কৰিব পাৰে। চৰকাৰে জনায় যে ১০ এপ্ৰিলৰ পৰা, ১৮ বছৰৰ অধিক বয়সৰ লোকসকলে ব্যক্তিগত টিকাকৰণ কেন্দ্ৰত ভেকছিনৰ বুষ্টাৰ পালি প্ৰাপ্ত কৰিব পাৰে।
কোৰোনা ভাইৰাছৰ সম্ভাৱ্য চতুৰ্থ ঢৌৰ বিৰুদ্ধে এইটো চৰকাৰৰ এটা ডাঙৰ পদক্ষেপ। ইয়াৰ আগতে, কেন্দ্ৰীয় চৰকাৰে স্বাস্থ্য কৰ্মী আৰু ৬০ বছৰৰ অধিক বয়সৰ লোকসকলৰ বাবে কোৰোনা ভেকছিনৰ এক বুষ্টাৰ পালিৰ অনুমতি দিছিল।
বুষ্টাৰ পালিৰ বাবে চৰ্ত
ক'ৰোনা ভেকছিনৰ বুষ্টাৰ পালি কেৱল তেওঁলোকেহে ল'ব পাৰিব যিসকলৰ বয়স ১৮ বছৰৰ অধিক আৰু যিসকলে ৯ মাহ আগতে কোভিড ভেকছিনৰ দ্বিতীয় পালি গ্ৰহণ কৰিছে। সকলো ব্যক্তিগত চিকিৎসালয়ত টিকাকৰণৰ সুবিধা উপলব্ধ হ'ব। অৱশ্যে, চৰকাৰে এইটোও স্পষ্ট কৰি দিছে যে ভেকছিনৰ তৃতীয় পালি গ্ৰহণ কৰিব বিচাৰে নে নকৰে সেয়া জনসাধাৰণৰ আকাংক্ষাৰ ওপৰত নিৰ্ভৰ কৰি কোভিড-19-ৰ বুষ্টাৰ পালি গ্ৰহণ কৰাটো বাধ্যতামূলক নহ'ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|