ভাৰতত বিগত ২৪ ঘণ্টাত কোভিড–১৯ত আক্ৰান্ত হৈছে ১৩,৭৩৪জন লোক। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য মতে, দৈনিক সংক্ৰমণৰ হাৰ ৩.৩৪ শতাংশ আৰু সাপ্তাহিক সংক্ৰমণৰ হাৰ ৪.৭৯ শতাংশ।
স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে, ভাৰতত সক্ৰিয় ঘটনা বৰ্তমান ১,৩৯,৭৯২জন। সক্ৰিয় ঘটনা মুঠ ঘটনাৰ ০.৩২ শতাংশ। ভাৰতত ৰিক’ভাৰী ৰেট বৰ্তমান ৯৮.৪৯ শতাংশ। বিগত ২৪ ঘণ্টাত ১৭,৮৯৭জন লোক সুস্থ হৈ উঠিছে। এতিয়ালৈ মুঠ ৪,৩৩,৮৩,৭৮৭জন লোক সুস্থ হৈ উঠিছে।
দেশত এতিয়ালৈ ৮৭.৫৮ কোটি কোৰোণা টেষ্ট কৰা হৈছে। বিগত ২৪ ঘণ্টাত ৪,১১,১০২ কোৰোণা টেষ্ট কৰা হৈছে। স্বাস্থ্য মন্ত্ৰণালয়ৰ সংখ্যাৰ হিচাপত ৰাষ্ট্ৰজুৰি টিকাকৰণৰ অভিযানৰ জৰিয়তে এতিয়ালৈ মুঠ ২০৪.৬ কোটি কোৰোণা ভেকচিনৰ পালি প্ৰদান কৰা হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|