Delhi Covid19: দিল্লীত ফুল স্পীডত বাঢ়িছে কোৰোণাৰ সংক্ৰমণ, আজি ১৪৯০ গৰাকী আক্ৰান্ত
Delhi Covid19: দিল্লীত ফুল স্পীডত বাঢ়িছে কোৰোণাৰ সংক্ৰমণ, আজি ১৪৯০ গৰাকী আক্ৰান্ত
দেশৰ ৰাজধানী দিল্লী (Delhi)ত দ্ৰুত গতিত বাঢ়িব ধৰিছে কোভিড১৯ (Covid19)ৰ সংক্ৰমণ। আজি দিল্লীত নতুনকৈ ১৪৯০ গৰাকী লোক কোৰোণাত আক্ৰান্ত হয়। আজি দিনটেত দিল্লীত পজিটিভিটী হাৰ আছিল ৪.৬২ আৰু কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ২ জন লোকৰ।
ইপিনে মহাৰাষ্ট্ৰ (Maharashtra)ত আজি নতুনকৈ আক্ৰান্ত হৈছে ১৬৫গৰাকী লোক। হাৰিয়ানা (haryana)ত ৫৮০গৰাকী লোক আক্ৰান্ত হৈছে যাৰ ভিতৰত কেৱল গুৰুগ্ৰাম (Gurugram)তেই আক্ৰান্ত হৈছে ৪৭৩জন।
উল্লেখ্য বুধবাৰে সমগ্ৰ দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা ৩০০০ৰ অধিক আছিল।
ইপিনে মাদ্ৰাজ আইআইটি (IIT Madras)ত কোৰোণাত আক্ৰান্তৰ সংখ্যা ১৭১জনলা বৃদ্ধি হৈছে। প্ৰতিষ্ঠানখনত আজি নতুনকৈ আৰু ২৬গৰাকী লোকৰ কোভিড সংক্ৰমণ হয়।
কোভিডৰ সংক্ৰমণ পুনৰ বাঢ়িব ধৰাত কোৰোণা ভেকচিনৰ বুষ্টাৰ (Corona Vaccine Booster Dose) লোৱাৰ ক্ষেত্ৰত সংয় ব্যৱধান ৯ মাহৰ পৰা ৬ মাহলৈ হ্ৰাস কৰিবলৈ আহ্বান জনাইছে স্বাস্থ্য বিশেষজ্ঞসকলে। উল্লেখ্য যে দ্বিতীয় পালি (Second Dose)ভেকচিন লোৱাৰ দিনৰ পৰা ৯ মাহ পিছতহে কোৰোণা ভেকচিনৰ বুষ্টাৰ ডোজ ল'ব পাৰি।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|