কোভিডৰ সংক্ৰমণে যেন পুনৰ এবাৰ সংহাৰী ৰূপ ধাৰণ কৰাৰ দিশে গতি কৰিছে। দিনে দিনে কোভিড১৯ (Covid19)ৰ সংক্ৰমণ তীব্ৰ গতিত বাঢ়িব ধৰিছে সমগ্ৰ দেশতে। সোমবাৰে দেশত কোৰণা Corona)ত আক্ৰান্ত হৈছিল ৩৭ হাজাৰৰ অধিক লোক। পৰিস্থিতি বিপদজনক হোৱাৰ ইংগিত দিছে মহাৰাষ্ট্ৰত কোৰোণা (Maharashtra Corona)ৰ সংক্ৰমণে। আজি এই পৰ্যন্ত কেৱল মহাৰাষ্ট্ৰতে ১৮, ৪৬৬ জন লোক কোৰোণাত আক্ৰান্ত হৈছে। দিনটোত এতিয়ালৈ মৃত্যু হৈছে ২০জনৰ।
কেৱল মুম্বাই (Mumbai)তে কোৰোণাত আক্ৰান্ত হৈছে ১০,৭৬০ জন লোক। পুনেত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা ১১০৪ গৰাকী।
আনহাতে মহাৰাষ্ট্ৰত অমিক্ৰন (Omicron)ত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৬৫৩ গৰাকী।
ইপিনে ৰাজধানী দিল্লী (Delhi Corona Situation)ত মঙলবাৰে ৫৪৮১ গৰাকী লোক নতুনকৈ কোৰোণাত আক্ৰান্ত হৈছে। দিল্লীত পজিটিভিটী হাৰ হৈছে ৮ শতাংশৰ ওপৰত। ইতিমধ্যে দিল্লীত চৰকাৰে ৫০ খনতকৈ বেছি বিছনা থকা সকলো চৰকাৰী আৰু বেচৰকাৰী হাস্পতালত থকা বিছনাৰ ৪০ শতাংশ কোভিড ৰোগীৰ বাবে সংৰক্ষিত ৰাখিবলৈ নিৰ্দেশ দিছে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseইপিনে গুজৰাটত মঙলবাৰে নতুনকৈ কোৰোণাত আক্ৰান্ত হৈছে ২২৬৫ গৰাকী লোক।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|