• Home
  • »
  • News
  • »
  • nation
  • »
  • Covid Vaccine : অহা সপ্তাহৰ পৰা দেশত আৰম্ভ হ’ব পাৰে শিশুৰ Covid-19ৰ ভেকচিন প্ৰদান প্ৰক্ৰিয়া!

Covid Vaccine : অহা সপ্তাহৰ পৰা দেশত আৰম্ভ হ’ব পাৰে শিশুৰ Covid-19ৰ ভেকচিন প্ৰদান প্ৰক্ৰিয়া!

Covovax নামৰ আন এটা Covid-19 ভেকচিনৰ শিশুৰ ওপৰত তৃতীয় লানি পৰীক্ষণ চলি আছে।

Covovax নামৰ আন এটা Covid-19 ভেকচিনৰ শিশুৰ ওপৰত তৃতীয় লানি পৰীক্ষণ চলি আছে।

Covovax নামৰ আন এটা Covid-19 ভেকচিনৰ শিশুৰ ওপৰত তৃতীয় লানি পৰীক্ষণ চলি আছে।

  • Share this:
অহা সপ্তাহত কেন্দ্ৰীয় চৰকাৰে শিশুৰ কাৰণে Covid-19ৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া আৰম্ভৰ ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ বিশেষ সূত্ৰৰ উদ্ধৃতি দি দিল্লীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক ইণ্ডিয়ান এক্সপ্ৰেছৰ আজিৰ সংস্কৰণত প্রকাশ পোৱা মতে, অক্টোবৰৰ মাজভাগত শিশুক ভেকচিন প্রদানৰ নিয়মাৱলী, পৰ্যায়ক্ৰমে আৰম্ভ কৰাৰ দিন আৰু বিশেষ বৰ্গ অনুযায়ী অগ্ৰাধিকাৰ আদি বিষয়সমূহত অনুমোদন পোৱা যাব। উল্লেখযোগ্য যে, অক্টোবৰৰ ২০–২১ তাৰিখে Bharat Biotech নামৰ দেশীয় প্ৰতিষ্ঠানটোৱে শিশুৰ কাৰণে প্ৰস্তুত কৰি উলিওৱা ভেকচিনৰ Clinical Trialৰ ফলাফল জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদনৰ কাৰণে সংশ্লিষ্ট কৰ্তৃপক্ষক জমা কৰা হ’ব।

প্ৰক্ৰিয়াটো আগবঢ়াই নিবলৈ National Technical Advisory Group on Immunizationৰ Covid-19 Standing Committeeএ National Expert Group on Vaccine Administration for Covid-19ক দুই এদিনতে পৰামৰ্শ প্ৰদান কৰিব। ইতিমধ্যে Zydus Cadilaই প্ৰস্তুত কৰা ZyCoV-DDNA নামৰ ভেকচিনটোক ১২বছৰৰ ঊৰ্ধ্বৰ শিশুক প্ৰদান কৰিব পৰাকৈ জৰুৰীকালীন অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে। ইয়াৰ তিনি পালি পৰ্যায়ক্ৰমে শিশুক প্ৰদান কৰিব লাগিব।

অন্যহাতেদি Covovax নামৰ আন এটা Covid-19 ভেকচিনৰ শিশুৰ ওপৰত তৃতীয় লানি পৰীক্ষণ চলি আছে। এইতো মাৰ্কিন যুক্তৰাষ্ট্ৰৰ Novavax ভেকচিন দেশীয় সংস্কৰণ আৰু ইয়াক ভাৰতত প্রস্তুত কৰাৰ দায়িত্ব লৈছে Serum Institute of Indiaই।
Published by:Sanjay Kumar Das
First published: