পজিটিভিটী ৰেট বৃদ্ধি পালে ১৪.৭৮ শতাংশলৈ।
পজিটিভিটী ৰেট বৃদ্ধি পালে ১৪.৭৮ শতাংশলৈ।
দেশত দ্ৰুত গতিত বাঢ়িছে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। বিগত ২৪ ঘণ্টাত কোৰোণাত আক্ৰান্ত হ'ল ২ লাখ ৬৪ হাজাৰৰো অধিক লোক। সেইলৈ পজিটিভিটী ৰেট বৃদ্ধি পালে ১৪.৭৮ শতাংশলৈ।
বৃহস্পতিবাৰৰ দিনটোত মায়ানগৰী মুম্বাইত সংক্ৰমণৰ সংখ্যা কিছু হ্ৰাস পাইছে। মুম্বাইত বিগত ২৪ ঘণ্টাত কোৰোণাত আক্ৰান্ত হৈছে ১৩,৭০২জন লোক। কিন্তু দিল্লীত ক্ৰমান্বৰে অধিক অৱনমিত হৈছে কোৰোণাৰ পৰিস্থিতি। ৰাজধানী চহৰখনত নতুনকৈ কোৰোণাত আক্ৰান্ত হৈছে ২৮,৮৬৭ জন লোক।
ইফালে বৃহস্পতিবাৰৰ দিনটোত অসমত নতুনকৈ ৩,২৩৮গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোণাৰ অৱস্থিতি। কালিৰ দিনটোত সৰ্বমুঠ ৪১,১৬৫গৰাকী লোকৰ কোৰোণা পৰীক্ষা কৰা হৈছিল। কেৱল কামৰূপ মহানগৰীতে কোৰোণাত আক্ৰান্ত হৈছে ১০৭০গৰাকী লোক। আনহাতে ৩ জন লোকে কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|