உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • কোৰোণাৰ আনসকলো ভেৰিয়েণ্টতকৈ ভয়ংকৰ! বিশ্বত আৰম্ভ হৈছে কোৰোণাৰ ওমিক্ৰণ ভেৰিয়ণ্টৰ সংক্ৰমণ, বিয়পিছে ইখনৰ পৰা সিখন দেশলৈ

    কোৰোণাৰ আনসকলো ভেৰিয়েণ্টতকৈ ভয়ংকৰ! বিশ্বত আৰম্ভ হৈছে কোৰোণাৰ ওমিক্ৰণ ভেৰিয়ণ্টৰ সংক্ৰমণ, বিয়পিছে ইখনৰ পৰা সিখন দেশলৈ

    ওমিক্ৰণক ‘Variant of Concerns’ বুলি সতৰ্ক কৰি দিছে বিশ্ব স্বাস্থ্য সংস্থাই। ভাৰতত এতিয়ালৈ ওমিক্ৰণৰ সংক্ৰমণ ধৰা পৰা নাই।

    ওমিক্ৰণক ‘Variant of Concerns’ বুলি সতৰ্ক কৰি দিছে বিশ্ব স্বাস্থ্য সংস্থাই। ভাৰতত এতিয়ালৈ ওমিক্ৰণৰ সংক্ৰমণ ধৰা পৰা নাই।

    ওমিক্ৰণক ‘Variant of Concerns’ বুলি সতৰ্ক কৰি দিছে বিশ্ব স্বাস্থ্য সংস্থাই। ভাৰতত এতিয়ালৈ ওমিক্ৰণৰ সংক্ৰমণ ধৰা পৰা নাই।

    • Share this:
    বিশ্বত আকৌ কোৰোণাৰ নতুন ভেৰিয়েণ্টৰ আতংক। বিশ্ব স্বাস্থ্য সংস্থাই এই নতুন ভেৰিয়েণ্টৰ নাম দিছে 'ওমিক্ৰণ'। দক্ষিণ আফ্ৰিকাৰ পৰা বিয়পিছে ওমিক্ৰণ ভেৰিয়ণ্ট।
    কোৰোণাৰ আন সকলো ভেৰিয়েণ্টতকৈ মাৰাত্মক এই ওমিক্ৰণ। ওমিক্ৰণক বতছোৱানা ভেৰিয়েণ্ট বুলিও জনা যায়।

    বিশেষজ্ঞই জনোৱা মতে,  ২৫ বছৰৰ তলৰ লোক ওমিক্ৰণৰ দ্বাৰা সংক্ৰমিত হোৱাৰ আশংকা অধিক। ওমিক্ৰণৰ কেইবাটাও মিউটেচন অতি মাৰাত্মক বুলি ঘোষণা বিশ্ব স্বাস্থ্য সংস্থাৰ। ওমিক্ৰণৰ সংক্ৰমণৰ লগে লগে কোৰোণাৰ চতুৰ্থ ৱেভ অহাৰ আশংকা তীব্ৰ হৈ পৰিছে।

    দক্ষিণ আফ্ৰিকা, বতছোৱানা, বেলজিয়াম, হংকং, ইজৰাইলত ওমিক্ৰণৰ সংক্ৰমণ অব্যাহত আছে। জিম্বাবৱে, মোজাম্বিক, নামিবিয়া, ইছোৱাটিনি, লেছোথোতো হৈছে ওমিক্ৰণৰ সংক্ৰমণ। ইতিমধ্যে এই ভাইৰাছৰ আতংক আৰম্ভ হৈছে আফ্ৰিকা, ইউৰোপ, এছিয়া মহাদেশত কেইবাখনো দেশত।

    যোৱা ৯ নৱেম্বৰত দক্ষিণ আফ্ৰিকাত ওমিক্ৰণৰ প্ৰথমটো সংক্ৰমণ ধৰা পৰিছিল। ইতিমধ্যে
    দক্ষিণ আফ্ৰিকাৰ পৰা নাগৰিকৰ ভ্ৰমণত নিষেধাজ্ঞা জাৰি কৰিছে কেইবাখনো দেশে।আমেৰিকা, ৰাছিয়া, কানাডা, চৌদি আৰৱ, চাইপ্ৰাছে জাৰি কৰিছে নিষেধাজ্ঞা।
    ইউৰোপিয়ান ইউনিয়নেও দক্ষিণ আফ্ৰিকাৰ পৰা নাগৰিকৰ ভ্ৰমণত নিষেধাজ্ঞা জাৰিৰ সম্ভাৱনা আছে।

    উল্লেখ্য যে,  ওমিক্ৰণক ‘Variant of Concerns’ বুলি সতৰ্ক কৰি দিছে বিশ্ব স্বাস্থ্য সংস্থাই।
    ভাৰতত এতিয়ালৈ ওমিক্ৰণৰ সংক্ৰমণ ধৰা পৰা নাই।

    নতুন প্ৰকাৰৰ ওপৰত ভাৰতবৰ্ষ সতৰ্কঃ

    কোৰোণাৰ এই নতুন প্ৰকাৰকলৈ ভাৰত চৰকাৰ ইতিমধ্যে সষ্টম হৈ পৰিছে। কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে ৰাজ্যসমূহলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। ইয়াত কোৱা হৈছে, "NCDCৰ ফালৰ পৰা জনোৱা হৈছে যে, Botswanaত ৩ জন, দক্ষিণ আফ্ৰিকাত ৬জন আৰু হংকঙত ১জন লোকৰ শৰীৰত কোৰোণাৰ B.1.1.529 ভেৰিয়েণ্টৰ সংক্ৰমণ ধৰা পৰিছে। ভূষণে লগতে কৈছে যে, এই দেশবোৰৰ উপৰিও, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে জাৰি কৰা নিৰ্দেশনাৱলীত অন্তৰ্ভুক্ত "বিপদাশংকা" দেশৰ যাত্ৰীসকলৰ কঠোৰ স্ক্ৰীণিং কৰাটো বাধ্যতামূলক।
    Published by:Himangshu Bhuyan
    First published: