কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ পৰিয়ালক আৰ্থিক ক্ষতিপূৰণ দিব লাগিব কেন্দ্ৰীয় চৰকাৰে। বুধবাৰে শুনানিত এই পৰামৰ্শ দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। ক্ষতিপূৰণৰ ৰূপৰেখা তৈয়াৰ কৰাৰ দায়িত্ব NDMAৰ। ক্ষতিপূৰণৰ পৰিমাণ কিমান হ’ব, কিদৰে সেয়া শোকসন্তপ্ত পৰিয়ালৰ হাতত তুলি দিব, তাৰ ৰূপৰেখা ৬ সপ্তাহৰ ভিতৰত তৈয়াৰ কৰিব লাগিব কেন্দ্ৰই।
বুধবাৰে NDMAক ককৰ্থনাও কৰে ন্যায়াধীশ অশোক ভূষণ আৰু এম আৰ শ্বাহৰ বিচাৰপীঠে। কোৱা হৈছে, ‘ন্যূনতম পৰিত্ৰাণৰ ব্যৱস্থা কৰাটো আপোনালোকৰ কৰ্তব্যৰ ভিতৰত পৰে। ইমান দিন পাৰ হৈ যোৱাৰ পিছতে কোনো নিৰ্দেশনা প্ৰকাশ কৰা নাই NDMAই, যাৰ ভিতৰত ক্ষতিপূৰণো পৰে। NDMA কৰ্তৃপক্ষ দায়িত্ব পালনত ব্যৰ্থ।’
কিছুদিন পূৰ্বে কোৰোণাত মৃত্যু হোৱা লোকৰ পৰিয়ালক আৰ্থিক ক্ষতিপূৰণৰ বিষয়ক লৈ প্ৰশ্ন কৰিছিল উচ্চতম ন্যায়ালয়ে। সেই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছিল যে কোৰোণাত মৃত্যু হোৱা লোকৰ পৰিয়ালক ৪ লাখ টকাকৈ ক্ষতিপূৰণ দিয়া সম্ভৱ নহয়। কেন্দ্ৰৰ বক্তব্য আছিল, প্ৰত্যেক পৰিয়ালক সাহায্য প্ৰদান কৰাৰ সামৰ্থ্য নাই চৰকাৰৰ। কেন্দ্ৰীয় চৰকাৰে জনাইছিল, কেৱল কোভিডৰ ক্ষেত্ৰত আৰ্থিক সাহায্য দি আন ৰোগৰ ক্ষেত্ৰত নিদিলে সেয়া অন্যায় হ’ব। চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই উচ্চতম ন্যায়ালয়ত ১৮৩ পৃষ্ঠাৰ শপতনামা দাখিল কৰে। তাত কেন্দ্ৰৰ ফালৰ পৰা যুক্তি দিয়া হৈছিল, এতিয়ালৈ ভাৰতত কোভিডত আক্ৰান্ত হৈ ৩ লাখ ৮৫ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। এই সংখ্যা আৰু বৃদ্ধি পাব। আৰু সমগ্ৰ পৰিস্থিতিৰ বাবে কেন্দ্ৰৰ ওপৰত ভীষণ চাপ পৰিছে। এই আৰ্থিক চাপৰ ভিতৰত দেশৰ কোভিডত মৃত্যু হোৱা সকলো লোকৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰাটো সম্ভৱ নহয়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|