உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • COVID-19: Covaxin লোৱাসকলৰ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ বাবে অপেক্ষা আকৌ বাঢ়িল! কাৰিকৰী কাৰণত WHOৰ জৰুৰীকালীন ব্যৱহাৰৰ স্বীকৃতি পলম

    COVID-19: Covaxin লোৱাসকলৰ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ বাবে অপেক্ষা আকৌ বাঢ়িল! কাৰিকৰী কাৰণত WHOৰ জৰুৰীকালীন ব্যৱহাৰৰ স্বীকৃতি পলম

    • Share this:
    এই স্বীকৃতিৰ অবিহনে কভাক্সিনক বিশ্বৰ বেছিভাগ দেশে গ্ৰহণ নকৰে যাৰ ফলত আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ ক্ষেত্ৰত কভাক্সিন লোৱা ভাৰতীয়সকলে বাধাৰ সন্মুখীন হ’ব।

    কভাক্সিনৰ জৰুৰীকালীন ব্যৱহাৰৰ স্বীকৃতি আকৌ এবাৰ বিলম্ব হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতত প্ৰস্তুত কৰা ভেকচিন সন্দৰ্ভত নতুনকৈ কেতবোৰ তথ্য বিচৰাৰ কাৰণে ভেকচিনে স্বীকৃতি লাভ কৰিব পৰা নাই।

    বিভিন্ন প্ৰতিৱেদনত প্ৰকাশিত তথ্য অনুসৰি বিশ্ব স্বাস্থ্য সংস্থাই হায়দৰাবাদ স্থিত উৎপাদনকাৰী কোম্পানী ভাৰত বায়’টেকলৈ তথ্য বিচাৰি পঠিয়াইছে। ভাৰত বায়’টেকে সকলো তথ্য জমা দিয়াৰ কথা উল্লেখ কৰাৰ পিছতো কভাক্সিনে ক্লিয়াৰেন্স পোৱাৰ ক্ষেত্ৰত কাৰিকৰী প্ৰসংগ এতিয়া এনেদৰে দেখা দিছে?

    অৱশ্যে এই ক্ষেত্ৰত অভিজ্ঞৰ মতে এই প্ৰক্ৰিয়াক লৈ বিতত হোৱাৰ প্ৰয়োজন নাই কাৰণ এয়া ‘এক স্ৱাভাৱিক প্ৰক্ৰিয়া। বিশেষজ্ঞসকলে প্ৰশ্ন উত্থাপন কৰেই আৰু তাৰ উত্তৰ কোম্পানীয়ে দিব লাগে।’ News18  এজন বিষয়ববীয়াই জনায়।

    এই স্বীকৃতি অবিহনে কভাক্সিনক বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহু দেশেই মান্যতা নিদিব। ফলক ভাৰতীয়সকলৰ কাৰণে এই ভেকচিন লৈ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ কৰাটো সমস্যা হ’ব।

    WHO–এ এই পৰ্যন্ত Pfizer-BioNTech, Johnson & Johnson, Moderna, চীনৰ Sinopharm আৰু Oxford-AstraZenecaৰ দ্বাৰা প্ৰস্তুত ভেকচিনক জৰুৰীকালীন ব্যৱহাৰৰ স্বীকৃতি দি থৈছে।

    Bharat Biotech–ৰ মতে Covaxinৰ Phase III ক্লিনিকেল ট্ৰায়েলত ৭৭.৮ শতাংশ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে।
    First published: