
গুজৰাটৰ আয়ুৰ্বেদিক বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হিতেশ জৈনে জনাইছে যে, প্ৰথমে এই ঔষধৰ পৰীক্ষামূলক প্ৰয়োগ কৰা হ’ব।
গুজৰাটৰ আয়ুৰ্বেদিক বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হিতেশ জৈনে জনাইছে যে, প্ৰথমে এই ঔষধৰ পৰীক্ষামূলক প্ৰয়োগ কৰা হ’ব।
পাঁচটা বিশেষ উপাদানেৰে মিশ্ৰিত কোৰোণাৰ ভেকচিনৰ ট্ৰাইল অতি শীঘ্ৰে আৰম্ভ হ’ব গুজৰাটত। এলোপেথিক ঔষধ পৰীক্ষা কৰাৰ নিয়ম অনুসৰিয়েই গোমূত্ৰ, গোবৰ, গাখীৰ, ঘি, মাখন মিশ্ৰিত কৰি তৈয়াৰ কৰা হৈছে কোৰোণাৰ ভেকচিন। কোৰোণাত আক্ৰান্ত হোৱা সকল এই ঔষধৰ জৰিয়তে আৰোগ্য হৈ উঠিব বুলি দাবী গুজৰাটৰ ৰাষ্ট্ৰীয় কামধেনু আয়োগৰ।
অতিশীঘ্ৰে দেশৰ ১০ খন চিকিত্সালয়ত চিকিত্সাধীন হৈ থকা কোৰোণা ৰোগীক পৰীক্ষামূলক ভাবে দিয়া হ’ব এই ঔষধ। ‘আহমেদাবাদ মিৰৰ’ৰ সৈতে হোৱা এটা সাক্ষাত্কাৰত ৰাষ্ট্ৰীয় কামধেনু আয়োগৰ অধ্যক্ষ, চিকিত্সক বল্লভ কাথিৰীয়াই জনাই যে, ভেকচিনৰ ক্লিনিকেল ট্ৰাইলৰ সময়ত আক্ৰান্ত সকলক দিয়া হ’ব এই ভেকচিন আৰু বিজ্ঞানসন্মত ভাবে তেওঁলোকৰ শৰীৰ ৰোগমুক্ত হৈছে নে নাই, সেয়া লক্ষ্য কৰা হ’ব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|