অচিৰেই ৬০ বছৰ উৰ্ধ্বৰ লোকক প্ৰদান কৰা হ'ব কোৰোণাৰ ভেকচিন

দেশৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে মহামাৰী কোৰোণা ভাইৰাছৰ সন্ত্ৰাস। বিগত কিছুদিনত দেশৰ বিভিন্ন স্থানত কোৰোনা ভাইৰাছৰ ঘটনা বৃদ্ধি পোৱাৰ তথ্য লাভ কৰা হৈছে।
দেশৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে মহামাৰী কোৰোণা ভাইৰাছৰ সন্ত্ৰাস। বিগত কিছুদিনত দেশৰ বিভিন্ন স্থানত কোৰোনা ভাইৰাছৰ ঘটনা বৃদ্ধি পোৱাৰ তথ্য লাভ কৰা হৈছে।
- News18 Assam
- Last Updated: February 22, 2021, 4:11 PM IST
অৱশ্যে, এই মহামাৰীৰ বিৰুদ্ধে যুঁজ পূৰ্ণগতিত চলি আছে। ২০ ফেব্ৰুৱাৰীলৈকে দেশত মুঠ ১.০৮ কোটি লোকক কোৰোণা ভেকচিন প্ৰদান কৰা হৈছে। কোৰোণা সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত অতি সাহসেৰে সমুখৰ পৰা আগভাগ লোৱা ফ্ৰণ্টলাইন ৱৰ্কাৰসকলক টিকাকৰণৰ কাম যুদ্ধ গতিত চলি আছে। প্ৰাপ্ত তথ্য অনুসৰি ৫০ বছৰ বা তাতকৈ অধিক বয়সৰ লোকৰ টিকাকৰণৰ ব্যৱস্থাও পৰৱৰ্তী মাহৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।
দেশত প্ৰায় ২.৭ লাখ ৫০ বছৰ বা তাতকৈ অধিক বয়সৰ লোক আছে, যাক দ্বিতীয় পৰ্যায়ত কোৰোণা ভেকচিন দিয়া হ'ব। অৱশ্যে ৬০ বছৰতকৈ অধিক বয়সৰ লোকসকলক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, এইসকল লোকক দুটা গোটত বিভক্ত কৰা হ'ব। ইয়াৰে এটা গোটৰ বাবে কোৰোণা টিকাকাৰণ বিনামূলীয়া হোৱাৰ বিপৰীতে আনটো গোটে টিকাৰণৰ বিনিময়ত মূল্য পৰিশোধ কৰিব লাগিব।
উল্লেখযোগ্য যে, দেওবাৰে পুৱা স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা তথ্য অনুসৰি, সংক্ৰমণৰ সংখ্যা শনিবাৰতকৈ ১.৯ শতাংশ বেছি আছিল। দেওবাৰৰ দিনটোত ১৪,২৬৪ টা নতুন কোৰোণা ভাইৰাচৰ সংক্ৰমণৰ ঘটনা লাভ কৰা হয়। শনিবাৰে এই সংখ্যা ১৩,৯৯৩ আছিল। কেৰালা, মহাৰাষ্ট্ৰ, পাঞ্জাৱ, চত্তিশগড় আৰু মধ্য প্ৰদেশত নতুনকৈ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে।