• Home
  • »
  • News
  • »
  • nation
  • »
  • 200 Crore Covid-19 Vaccination in India: ২০০ কোটি কোভিড ভেকচিন প্ৰদানৰ দিশে ভাৰত! ৭৫ দিনৰ বাবে বিনামূলীয়া বুষ্টাৰ ড’জ

200 Crore Covid-19 Vaccination in India: ২০০ কোটি কোভিড ভেকচিন প্ৰদানৰ দিশে ভাৰত! ৭৫ দিনৰ বাবে বিনামূলীয়া বুষ্টাৰ ড’জ

শনিবাৰৰ আৰম্ভণিতে স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্যত দেখা যায় যে ভাৰতৰ টিকাকৰণৰ সংখ্যা ১৯৯.৭১ ড’জ পাৰ হৈছে।

শনিবাৰৰ আৰম্ভণিতে স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্যত দেখা যায় যে ভাৰতৰ টিকাকৰণৰ সংখ্যা ১৯৯.৭১ ড’জ পাৰ হৈছে।

শনিবাৰৰ আৰম্ভণিতে স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্যত দেখা যায় যে ভাৰতৰ টিকাকৰণৰ সংখ্যা ১৯৯.৭১ ড’জ পাৰ হৈছে।

  • Share this:
কোভিড–১৯ মহামাৰীৰ সৈতে যুঁজ দিবলৈ দেশজুৰি নাগৰিকসকলক প্ৰায় ২০০ কোটি ভেকচিনৰ ড’জ প্ৰদানৰ দিশে ভাৰত! ভাৰতৰ টিকাকৰণৰ ক্ষেত্ৰত এয়া এক মাইলৰ খুঁটি পাৰ কৰাটোক কেন্দ্ৰীয় চৰকাৰৰ ‘সৰ্ববৃহৎ টিকাকৰণ অভিযান’ হিচাপেই ধাৰণা কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই টুইট কৰি জনাইছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ইতিহাস ৰচনা হ’বলৈ গৈ আছে। শনিবাৰৰ আৰম্ভণিতে স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্যত দেখা যায় যে ভাৰতৰ টিকাকৰণৰ সংখ্যা ১৯৯.৭১ ড’জ পাৰ হৈছে।

১২ৰ পৰা ১৪ বছৰ বয়সৰসকলক ৩.৭৯ কোটিৰো অধিক প্ৰথম ড’জ প্ৰদান কৰা হৈছে আৰু ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত ১৯৩.৫৩ কোটিৰো অধিক ভেকচিনৰ ড’জ দিয়া হৈছে, জনাইছে স্বাস্থ্য মন্ত্ৰণালয়ে।

‘আজাদী কা অমৃত মহোৎসৱ’ৰ অধীনত ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে শুকুৰবাৰে, কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰে যে ৭৫ দিনৰ বাবে ভাৰতত বিনামূলীয়া বুষ্টাৰ ড’জ প্ৰদান কৰা হ’ব। এই সময়ছোৱাৰ ভিতৰত যিমান সম্ভৱ বুষ্টাৰ ড’জ লোৱাৰ বাবে ঘৰে ঘৰে টিকাকৰণ সেৱাসহ বিশেষ টিকাকৰণ শিবিৰ আৰম্ভ কৰা হৈছে।

মন্ত্ৰণালয়ৰ তথ্য় মতে, শুকুৰবাৰে নিশা ১০ বজালৈ ১৮ৰ পৰা ৫৯ বছৰ বয়সীয়াসকলক ১৩.৩ লাখৰো অধিক বুষ্টাৰ ড’জ দিয়া হৈছে। ইয়াৰ ভিতৰত অধিকসংখ্য়কে বিশেষ ৭৫ দিনীয়া অভিযানৰ অধীনত বিনামূলীয়াকৈ দিয়া হৈছে। এই অভিযানৰ লক্ষ্যই হ’ল বুষ্টাৰ ড’জ গ্ৰহণ বৃদ্ধি কৰা।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি