ভাৰতত পুনৰ বাঢ়িছে কোৰোণাৰ সংক্ৰমণ। এটা দিনত কোভিডত ৫২৩৩জন লোক নতুনকৈ আক্ৰান্ত হোৱাত এতিয়ালৈ এই সংখ্যা ৪,৩১,৯০,২৮২লৈ বৃদ্ধি পালে। চিকিৎসাধীন ৰোগীৰ সংখ্যা বৃদ্ধি পালে ২৮,৮৫৭লৈ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ ফালৰ পৰা বুধবাৰে পুৱা প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ৫২৩৩জন লোক আক্ৰান্ত হৈছে আৰু সাতজন লোকৰ মৃত্যু হয়। মুঠ মৃতকৰ সংখ্যা বৃদ্ধি পালে ৫,২৪,৭১৫জনলৈ।
মন্ত্ৰণালয়ৰ মতে, চিকিৎসাধীন ৰোগীৰ সংখ্যা ২৮,৮৫৭জনলৈ বৃদ্ধি পাইছে যিটো মুঠ ঘটনাৰ ০.০৭ শতাংশ। কোভিড–১৯ৰ পৰা সুস্থ হোৱাৰ ৰাষ্ট্ৰীয় হাৰ ৯৮.৭২ শতাংশ। বিগত ২৪ ঘণ্টাত চিকিৎসাধীন ৰোগীৰ সংখ্যাত ১৮৮১জন বৃদ্ধি হৈছে। আনহাতে, সুস্থ হোৱা ৰোগীৰ হাৰ ৯৮.৭২ শতাংশ।
মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, দৈনিক সংক্ৰমণৰ হাৰ ১.৬৭ শতাংশ আৰু সাপ্তাহিক সংক্ৰমণৰ হাৰ ১.১২ শতাংশ। সুস্থ হোৱা লোকৰ সংখ্যা বাঢ়ি ৪,২৬,৩৬,৭১০ হৈছে। মৃত্যুৰ হাৰ ১.২১ শতাংশ। দেশত এতিয়ালৈ কোভিডৰ ১৯৪.৪৩ কোটিৰো অধিক ভেকচিনৰ পালি প্ৰদান কৰা হৈছে।