মন্ত্ৰণালয়ে লগতে কয় যে দৈনিক পজিটিভিটি হাৰ ০.৫০ শতাংশ আৰু সাপ্তাহিক পজিটিভিটি হাৰ ০.৫০ শতাংশ।
মন্ত্ৰণালয়ে লগতে কয় যে দৈনিক পজিটিভিটি হাৰ ০.৫০ শতাংশ আৰু সাপ্তাহিক পজিটিভিটি হাৰ ০.৫০ শতাংশ।
ভাৰতত বিগত ২৪ ঘণ্টাত ২২২৬ জন লোক নতুনকৈ কোৰোণা ভাইৰাছত আক্ৰান্ত হৈছে। দেশত এতিয়া মুঠ কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা হৈছে ৪,৩১,৩৮,৩৭১ জন। সক্ৰিয় সংক্ৰমণৰ সংখ্যা হ্ৰাস পাইছে ১৪,৯৫৫ জনলৈ। Covid-19ত বিগত ২৪ ঘণ্টাত মৃত্যু হয় ৬৫ জনৰ। ফলত দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি দেশত কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা এতিয়ালৈ ৫,২৪,৪১৩ জন। সক্ৰিয় সংক্ৰমণ মুঠ সংক্ৰমণৰ ০.০৩ শতাংশ। কোভিড-১৯ৰ পৰা আৰোগ্য লাভৰ হাৰ ৯৮.৭৫ শতাংশ বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰণালয়ে লগতে কয় যে দৈনিক পজিটিভিটি হাৰ ০.৫০ শতাংশ আৰু সাপ্তাহিক পজিটিভিটি হাৰ ০.৫০ শতাংশ।
এই ৰোগৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৪,২৫,৯৮,০০৩ জনলৈ। মৃত্যুৰ হাৰ ১.২২ শতাংশ। দেশজোৰা Covid-19 টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে দেশত ১৯২.২৮ কোটিৰো অধিক ড’জ ভেকচিন প্ৰদান কৰা হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|