• Home
  • »
  • News
  • »
  • nation
  • »
  • COVID 19 Third Wave: কোৰোণাৰ তৃতীয় ঢৌৰ প্ৰভাৱ আৰম্ভ! কেৰালাত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা ৩১৪৪৫জন

COVID 19 Third Wave: কোৰোণাৰ তৃতীয় ঢৌৰ প্ৰভাৱ আৰম্ভ! কেৰালাত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা ৩১৪৪৫জন

মঙলবাৰে কোৰোণা আক্ৰান্তৰ সংখ্যা আছিল ২৪,২৯৬ জন। কিন্ত বিগত ২৪ ঘণ্টাত সেই হাৰ শতকৰা ৩০% বৃদ্ধি পাইছে।

মঙলবাৰে কোৰোণা আক্ৰান্তৰ সংখ্যা আছিল ২৪,২৯৬ জন। কিন্ত বিগত ২৪ ঘণ্টাত সেই হাৰ শতকৰা ৩০% বৃদ্ধি পাইছে।

মঙলবাৰে কোৰোণা আক্ৰান্তৰ সংখ্যা আছিল ২৪,২৯৬ জন। কিন্ত বিগত ২৪ ঘণ্টাত সেই হাৰ শতকৰা ৩০% বৃদ্ধি পাইছে।

  • Share this:
দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন উৎসৱৰ সময়ত যিদৰে কৰোণাৰ দ্বিতীয় ঢৌত চৰম সীমা অতিক্ৰম কৰিছিল, ঠিক তেনেদৰেই পুনৰ কোৰণাৰ সংক্ৰমণ বৃদ্ধিত উদ্বিগ্ন সকলো।
কোৰণাৰ তৃতীয় ঢৌ আগষ্ট মাহৰ শেষৰ পৰা আৰম্ভ হ’ব পাৰে বুলি বিভিন্নজনে ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছিল।

আনহতে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা উক্ত বিষয়ত ৰাজ্যসমূহক সৰ্তক কৰি দিয়া হৈছিল যদিও কেৰালাৰ 'ওনাম' উৎসৱৰ পিছত হঠাতে কোভিড–১৯ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত সেই আশংকা পুনৰ প্ৰমাণিত হৈছে।

যোৱা বছৰো 'ওনাম' উৎসৱৰ পিছৰ পৰাই কেৰালাত কোৰোণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল আৰু যিয়ে এমাহৰ ভিতৰত ভয়াৱহ ৰূপ ধাৰণ কৰিছিল। এইবাৰো যেন তেনে ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ বাবে বিশেষজ্ঞসকলে চোকা দৃষ্টি ৰাখিছে সমগ্ৰ ঘটনাৰ ওপৰত।

উল্লেখযোগ্য যে ২১ আগষ্টত আছিল কেৰালাৰ 'ওনাম' উৎসৱ। কিন্তু উক্ত উৎসৱৰ পিছতে বুধবাৰ অৰ্থাৎ ২৫ আগষ্টতে কেৰালাত নতুনকৈ ( fresh infections) কৰোণা আক্ৰান্ত হৈছে ৩১,৪৪৫জন। আনহাতে মৃত্যু হৈছে ২১৫ জনকৈ লোকৰ।

বিগত তিনি মাহত কোৰণা সংক্ৰমণৰ সংখ্যা হ্ৰাস কৰিবলৈ সক্ষম হৈছিল। কিন্তু ২০ মে’ত এদিনতে সৰ্বাধিক ৩০,৪৯১জন লোক আক্ৰান্ত হৈছিল ৰাজ্যখনত। বৰ্তমানে ৰাজ্যখনৰ পজিটিভিটি ৰেট (Test Positivity rate) ১৯% লৈ বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে সকলোৱে।

মঙলবাৰে কোৰোণা আক্ৰান্তৰ সংখ্যা আছিল ২৪,২৯৬ জন। কিন্ত বিগত ২৪ ঘণ্টাত সেই হাৰ শতকৰা ৩০% বৃদ্ধি পাইছে। উল্লেখযোগ্য যে চিকিৎসক আৰু বিশেষাজ্ঞসকলে পূৰ্বেই অনুমান কৰিছিল 'ওনাম'ৰ পিছত ৰাজ্যখনৰ কোৰোণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব পাৰে।

বিগত ২৪ ঘণ্টাত ১,৬৫,২৩৩ জনক পৰীক্ষা কৰা হৈছে। কৰোণাৰ প্ৰাদুৰ্ভাৱৰ পৰা আজিলৈ কেৰালাত মুঠ ৩,০৬,১৯,০৪৬ জনৰ কোভিড টেষ্ট কৰা হৈছে। ইপিনে বিগত ২৪ ঘণ্টাত ৰাজ্যখনৰ কোৰোণা মুক্তৰ সংখ্যা হৈছে ২০,২৭১ জন। বৰ্তমানে কোৰোণা এক্টিভ কেছৰ সংখ্যা ১,৭০,২৯২ জন। উল্লেখযোগ্য যে WHOৰ বিশেষাজ্ঞই ২০২২ চনত অতিমাৰী কোৰোণা শেষ হোৱাৰ ইংগিত দিছিল যদিও এদিনতে কেৰালাৰ ছবিখনে চিন্তিত কৰি তুলিছে।
Published by:Sanjay Kumar Das
First published: