• Home
  • »
  • News
  • »
  • nation
  • »
  • Covid-19 তৃতীয় ঢৌৰ ভাবুকি আৰু দ্ৰুত টীকাকৰণৰ প্ৰয়োজনীয়তা

Covid-19 তৃতীয় ঢৌৰ ভাবুকি আৰু দ্ৰুত টীকাকৰণৰ প্ৰয়োজনীয়তা

  • Share this:
28 জুনলৈকে, ভাৰতে 32,36,63,297 পালি ক’ভিড-19 ভেকছিন প্ৰদান কৰিছে। ইয়াৰ অৰ্থ হৈছে আমি প্ৰদান কৰা মুঠ ভেকছিন পালিৰ সংখ্যা আমেৰিকা যুক্তৰাজ্যতকৈও অধিক। আমোদজনক কথা এই যে, ভাৰতত টীকাকৰণ এই বছৰৰ 16 জানুৱাৰীত আৰম্ভ কৰা হৈছিল, আনহাতে আমেৰিকা যুক্তৰাজ্যই যোৱা বছৰৰ 14 ডিচেম্বৰৰ পৰা টীকা প্ৰদান কৰি আহিছে। বিশেষকৈ দেশখনে শেহতীয়াকৈ সমুখীন হোৱা বিধ্বংসী দ্বিতীয় ঢৌ আৰু ৰাজহুৱা স্বাস্থ্য আন্তঃগাঁথনিৰ ওপৰত ইয়াৰ অভূতপূৰ্ব প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত এয়া কোনো সাধাৰণ কৃতিত্ব নহয়। অৱশ্যে, মুঠ যোগ্য জনসংখ্যাৰ বিপৰীতে টাকাকৰণ কৰোৱা লোকৰ শতাংশ কম হৈ আছে।
স্বাস্থ্য বিশেষজ্ঞসকলে ভাৰতত তৃতীয় ঢৌ অহাৰ সম্ভাৱনাৰ বিষয়ে সতৰ্ক কৰি দিছে। কিছুমানে ভৱিষ্যতবাণী কৰিছে যে ভাৰতৰ তৃতীয়টো ঢৌ এতিয়াৰ পৰা 6-8 সপ্তাহৰ পাছতে আৰম্ভ হ'ব পাৰে, আনহাতে আন কিছুমানৰ মত অনুসৰি ছেপ্টেম্বৰ-অক্টোবৰত ইয়াৰ সম্ভাৱনা অধিক। তৃতীয়টো ঢৌৰ সময় আৰু লোকচানৰ পৰিমাণ ভাইৰাছটোৰ পৰিৱৰ্তন আৰু সংক্ৰমণ, মানুহৰ আচৰণ আৰু টীকাকৰণৰ স্তৰৰ ওপৰত নিৰ্ভৰ কৰিব। যেতিয়াই নাহক কিয়, তৃতীয়টো ঢৌ আৰু সম্ভৱতঃ আৰু কেইটামান আসন্ন ঢৌৰ বাবে চৰকাৰ, নাগৰিক, সমাজ সংগঠন আৰু উদ্যোগকে ধৰি সকলো লোক সাজু হৈ থাকিব লাগে।
আমি সমগ্ৰ বিশ্বতে ভৱিষ্যতে সম্ভাৱনাময় প্ৰাদুৰ্ভাৱৰ বিৰুদ্ধে যুঁজ দিব লাগিব আৰু টীকাকৰণ হৈছে আমাৰ হাতত থকা একমাত্ৰ অস্ত্ৰ। ক’ভিড-19 ভেকছিনৰ ক্ষেত্ৰত, যদিও ভেকছিন, অৱস্থান আৰু ভাইৰাছৰ প্ৰকাৰৰ বাবে সংক্ৰমণৰ প্ৰকাৰ পৃথক হ'লেও, ভেকছিনে জীৱন ৰক্ষা কৰে। প্ৰমাণ পোৱা গৈছে যে টীকাকৰণ কৰোৱা ব্যক্তিৰ ক্ষেত্ৰত, আনকি প্ৰথমটো পালি গ্ৰহণ কৰাৰ পাছতো চিকিৎসালয়ত ভৰ্তি হোৱাৰ সম্ভাৱনা কম। আংশিক সুৰক্ষা সদায়েই সুৰক্ষাবিহীন অৱস্থাতকৈ উত্তম। দৰাচলতে, ই হৈছে বহুতৰে ক্ষেত্ৰত জীৱন আৰু মৃত্যুৰ মাজৰ পাৰ্থক্য।
ভাৰতৰ বাবে, প্ৰধানকৈ উদ্বেগ দেখা গৈছে নিম্ন টীকাকৰণৰ হাৰ আৰু ডেল্টা উপ-বংশৰ উদ্ভৱক কেন্দ্ৰ কৰি। আমি এইটো কথাও বিবেচনা কৰিব লাগিব যে আমি 0-18 বছৰ বয়সৰ গোটৰ বাবে টীকাকৰণ আৰম্ভই কৰা নাই। টীকাকৰণৰ দ্ৰুত গতি অবিহনে আমি জাকৰুৱা ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰাপ্ত কৰাৰ সম্ভাৱনা নাই। ইয়াৰ গতিবেগ বৃদ্ধি কৰাটো গুৰুত্বপূৰ্ণ, বিশেষকৈ সেইসকল লোকৰ বাবে যিসকলে ব্যক্তিগত প্ৰতিষ্ঠানত টীকাকৰণ কৰোৱাব নোৱাৰে। দূৰৱৰ্তী গ্ৰাম্য অঞ্চল আৰু নগৰীয়া বস্তি সম্প্ৰদায়ৰ লোকৰ বাবে চৰকাৰৰ দ্বাৰা বিনামূলীয়া টীকাকৰণৰ প্ৰৱেশাধিকাৰ এতিয়াও এক প্ৰত্যাহ্বান হৈ আছে। প্ৰযুক্তিৰ অভাৱ, ভেকছিনৰ প্ৰতি সংকোচ আৰু নিম্ন স্তৰৰ সজাগতা হৈছে কিছু সাধাৰণ প্ৰত্যাহ্বান- যাৰ মোকাবিলা কৰিব লাগিব।
যদিও টীকাকৰণৰ কাৰ্যকাৰিতাৰ ম্যাদ নিৰ্ধাৰণ কৰাৰ কাম চলি আছে, আমি ভৱিষ্যত সম্ভাৱ্য ঢৌৰ কথা বিবেচনা কৰি দ্ৰুত আৰু কাৰ্যকৰী টীকাকৰণ অভিযানৰ বাবে ৰাজহুৱা স্বাস্থ্য আন্তঃগাঁথনিৰ শক্তি বৃদ্ধি কৰিব লাগিব। এনে আন্তঃগাঁথনি আৰু প্ৰক্ৰিয়াই ভৱিষ্যতে বুষ্টাৰ পালিৰ বাবে দ্ৰুত আৰু দক্ষভাৱে সামৰি লোৱাত সহায় কৰিব যিবোৰ সময়ে সময়ে প্ৰয়োজন হ'ব পাৰে।
এই যুঁজৰ এটা গুৰুত্বপূৰ্ণ দিশ হ'ল ফ্ৰণ্টলাইন স্বাস্থ্য কৰ্মীসকলৰ ক্ষমতা গঢ়ি তোলা যিসকলে পোনপটীয়াকৈ সমাজলৈ গৈ কাম কৰে। অংগনৱাড়ী কৰ্মী, স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্য কৰ্মী (আশা) আৰু অক্সিলেৰী নাৰ্ছ মিডৱাইফ (ANM) কৰ্মীসকল ক’ভিড-19 ৰ বিৰুদ্ধে এই যুঁজৰ অখ্যাত নায়ক হৈ কাম কৰি আহিছে। তেওঁলোকে টীকাকৰণৰ বাবে সমাজৰ লোকসকলক জনাই, সৈমান কৰি একত্ৰিত কৰে আৰু ব্যাপকহাৰত টীকাকৰণ নিশ্চিত কৰে। তেওঁলোকৰ ক্ষমতা বৃদ্ধি কৰাটো গুৰুত্বপূৰ্ণ, আৰু তেওঁলোকক জনসাধাৰণক একত্ৰিত কৰিবলৈ প্ৰয়োজনীয় জ্ঞানেৰে সজ্জিত কৰিবও লাগিব।
টীকাকৰণ হৈছে স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ একমাত্ৰ উপায়। যেতিয়ালৈকে সকলোৰে টীকাকৰণ হৈ নাযায়, তেতিয়ালৈকে কোনো সুৰক্ষিত নহয়। আমি সকলোৱে টীকাকৰণ কৰোৱাৰ এয়াই উপযুক্ত সময় আৰু আমাৰ আশেপাশে সকলোকে এনে কৰিবলৈ উৎসাহিত কৰা উচিত।

অনিল পাৰমাৰ, ভাইচ প্ৰেছিডেন্ট,
কম্যুনিটি ইনভেষ্টমেণ্ট, ইউনাইটেড ৱে মুম্বাই
First published: