মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Covid 19 PPE Waste | CSIR NCL and RIL: কোৰোণাকালত ব্যৱহৃত PPE Wasteৰ পৰা প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তুত কৰিব RIL আৰু CSIR NCL-এ

Covid 19 PPE Waste | CSIR NCL and RIL: কোৰোণাকালত ব্যৱহৃত PPE Wasteৰ পৰা প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তুত কৰিব RIL আৰু CSIR NCL-এ

News18 Assam | News18-Assam
Updated:September 23, 2021, 9:29 PM IST
Covid 19 PPE Waste | CSIR NCL and RIL: কোৰোণাকালত ব্যৱহৃত PPE Wasteৰ পৰা প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তুত কৰিব RIL আৰু CSIR NCL-এ
সেই পেলনীয়া PPEৰ পৰা কামত অহা কোনো সামগ্ৰী প্ৰস্তুত কৰিবলৈ আগবাঢ়িছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড আৰু নেচনেল কেমিকেল লেবৰেটৰী।

সেই পেলনীয়া PPEৰ পৰা কামত অহা কোনো সামগ্ৰী প্ৰস্তুত কৰিবলৈ আগবাঢ়িছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড আৰু নেচনেল কেমিকেল লেবৰেটৰী।

  • News18 Assam
  • Last Updated: September 23, 2021, 9:29 PM IST
  • Share this:
কোৰোণা ভাইৰাছৰ ভয়াৱহ সংক্ৰমণৰ সময়ত চিকিৎসা ক্ষেত্ৰত লগত জড়িত প্ৰায় সকলো লোকেই PPE কিট পৰিধান কৰি কৰ্মত নিয়োজিত হৈছিল। সেই হিচাপত প্ৰতিদিনেই হাজাৰ হাজাৰ PPE কিট ব্যৱহাৰ কৰি পেলাই দিয়া হৈছে। সেই পেলাই দিয়া পিপিই কিটৰ পৰা প্ৰয়োজনীয় সামগ্ৰী তৈয়াৰ কৰিবলৈ একেলগ হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড আৰু নেচনেল কেমিকেল লেবৰেটৰী।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেজৰ সৈতে পুনেৰ আৰু কেইবাটাও কোম্পানীয়ে এই কামত সহযোগিতা আগবঢ়াবলৈ আগবাঢ়ি আহিছে। তেওঁলোকে একেলগে ব্যৱহাৰযোগ্য মোল্ডেড প্লাষ্টিক পদাৰ্থ তৈয়াৰ কৰিছে।

পিপিই, মাস্ক, গ্লোভচৰ দৰে সামগ্ৰীৰ চাহিদা বাঢ়িছে। কোভিড অতিমাৰী আৰম্ভ হোৱাৰ পিছৰ পৰাই এই সামগ্ৰীবোৰৰ চাহিদা বাঢ়ি আহিল। ২০২১ৰ মে' মাহত সমগ্ৰ বিশ্বত প্ৰায় ২০০ টন কোভিড১৯ সংক্ৰান্তীয় প্ৰয়োজনীয় সামগ্ৰী তৈয়াৰ হৈছিল। ইয়াৰ ফলত বিষাক্ত গ্ৰিনহাউড গেছৰ উৎপাদন বাঢ়ি গৈছে। CSIR- নেচনেল কেমিকেল লেবৰেটৰী আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড এই পেলনীয়া সামগ্ৰীসমূহ পুনৰ ব্যৱহাৰৰ উপযোগী কৰিবলৈ ইয়াৰ সৈতে প্ৰয়োজনীয় পদাৰ্থৰ মিশ্ৰণ কৰি একেধৰণৰ ব্যৱহাৰযোগ্য সামগ্ৰী প্ৰস্তুত কৰি তোলাৰ কাম আৰম্ভ কৰিছে।

CSIR- নেচনেল কেমিকেল লেবৰেটৰী আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডে এই লৈ এখন চুক্তিত স্বাক্ষৰ কৰিছে। ইতিমধ্যে ১০০ কেজি বৰ্জিত সামগ্ৰীৰ ৰিচাইকেলৰ কাম আৰম্ভ হৈছে।
Published by: Himangshu Bhuyan
First published: September 23, 2021, 9:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি