আগতকৈ শক্তিশালী ৰূপত কোৰোণা! বলৱত্‍ কৰা হ’ল সান্ধ্য আইন! আজিৰে পৰা হ’ব প্ৰযোজ্য

News18 Assam | News18-Assam
Updated:December 23, 2020, 1:24 PM IST
আগতকৈ শক্তিশালী ৰূপত কোৰোণা! বলৱত্‍ কৰা হ’ল সান্ধ্য আইন! আজিৰে পৰা হ’ব প্ৰযোজ্য
source-google

পূৰ্বতকৈ শক্তিশালী ৰূপত কোৰোণাৰ সংক্ৰমণ। ইতিমধ্যে ইউৰোপৰ বহুকেইখন দেশত কোৰোণাৰ ভয়াৱহতালৈ লক্ষ্য কৰি বলৱত্‍ কৰা হৈছে ল’ক ডাউন।

  • Share this:
পূৰ্বতকৈ শক্তিশালী ৰূপত কোৰোণাৰ সংক্ৰমণ। ইতিমধ্যে ইউৰোপৰ বহুকেইখন দেশত কোৰোণাৰ ভয়াৱহতালৈ লক্ষ্য কৰি বলৱত্‍ কৰা হৈছে ল’ক ডাউন।

গ্ৰেট ব্ৰিটেইনত জাৰি কৰা হৈছে কঠোৰ ল’ক ডাউন। আনহাতে দেশখনৰ প্ৰধানমন্ত্ৰীয়ে এইবাৰ বৰদিন ঘৰতে উদযাপন কৰিবলৈ আহ্বান জনাইছে দেশবাসীক। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে বাতিল কৰিছে ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ বিমান সেৱা।

ভাৰত চৰকাৰেও এতিয়া এই ক্ষেত্ৰত ৰাখিছে তীক্ষ্ন দৃষ্টি ৰাখিছে । কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে দেশবাসীক আতংকিত নহ’বলৈ আহ্বান জনাইছে।

কোৰোণাৰ ভয়াৱহতালৈ লক্ষ্য কৰি এতিয়া কৰ্ণাটক চৰকাৰে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আজি নিশা ১০ বজাৰ পৰা ৰাজ্যখনত বলৱত্‍ কৰা হ’ব সান্ধ্য আইন। অহা ২ জানুৱাৰী ২০২১লৈকে বাহাল থাকিব সান্ধ্য আইন। সেইদৰে কৰ্ণাটক চৰকাৰে নতুন বছৰৰ পাৰ্টীৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰূপ কৰিছে। ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰ চৰকাৰেও ৰাজ্যখনত সান্ধ্য আইন জাৰি কৰিছিল।
Published by: Himangshu Bhuyan
First published: December 23, 2020, 1:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি