নতুন অভিলেখ, ২৪ঘণ্টাত দেশত কোৰোণাত আক্ৰান্ত ৩৯০০জন, মৃত্যু ১৯৫জনৰ

News18 Assam | News18-Assam
Updated:May 5, 2020, 3:38 PM IST
নতুন অভিলেখ, ২৪ঘণ্টাত দেশত কোৰোণাত আক্ৰান্ত ৩৯০০জন, মৃত্যু ১৯৫জনৰ
দেশত মুঠ কোৰোণা আক্ৰান্তৰ সংখ্যা ৪৬,৪৩৩জনলৈ বৃদ্ধি। মৃত্যু হৈছে ১,৫৬৮ জনৰ।

দেশত মুঠ কোৰোণা আক্ৰান্তৰ সংখ্যা ৪৬,৪৩৩জনলৈ বৃদ্ধি। মৃত্যু হৈছে ১,৫৬৮ জনৰ।

  • Share this:
নতুন দিল্লীঃ লকডাউন থ্ৰী বলৱৎ হোৱাৰ পিছত বিভিন্ন ক্ষেত্ৰতৰ শিথিলকৰণৰ সময়ত মানুহে বিভিন্ন ঠাইত উলংঘা কৰিছে সামাজিক ব্যৱধানৰ সকীয়নি। ইয়াৰ মাজতে ভয়াৱহ গতিত বৃদ্ধি হৈছে কোৰোণাত আক্ৰান্তৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, বিগত ২৪ঘণ্টাত নতুনকৈ ৩৯০০জন লোক কোৰোণাত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে। এটা দিনৰ ভিতৰত এয়া সৰ্বোচ্ছ আক্ৰান্তৰ অভিলেখ। বিগত কেইবাদিনো ধৰি ২০০০ৰো অধিক কোৰোণা আক্ৰান্তৰ তথ্য পোৱা গৈছিল কিন্তু কালিৰ পৰা আজিলৈ একেবাৰতে ৪০০০লোক আক্ৰান্ত হৈছে কোৰোণাত। ইয়াৰ লগে লগে মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৪৬হাজাৰ, ৪৩৩। বিগত ২৪ঘণ্টাত মৃত্যু হৈছে ১৯৫জনৰ। এইপৰ্যন্ত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ১,৫৬৮জন। সুস্থ হৈছে ১২হাজাৰ ৭২৭জন।

দেশৰ ভিতৰত সকলোতকৈ উদ্বেগজনক অৱস্থা মহাৰাষ্ট্ৰ, গুজৰাট আৰু দিল্লীত। চৰকাৰী হিচাপ মতে, মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা ১২হাজাৰ ৯৭৪জন। মহাৰাষ্ট্ৰৰ পিছতে আছে গুজৰাট। গুজৰাটত মুঠ আক্ৰান্ত ৫৪২৮জন। মৃত্যু হৈছে ২৯০জন লোকৰ। তৃতীয় স্থানত আছে দিল্লী আৰু তাত আক্ৰান্তৰ মুঠ সংখ্য ৪৫৪৯জন। মৃত্যু হৈছে ৬৮জন লোকৰ। মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, তামিলনাডুক লৈও চিন্তিত স্বাস্থ্য মন্ত্ৰালয়।

মধ্যপ্রদেশত সংক্রমিত হৈছে ২,৯৪২ জন, মৃত্যু হৈছে ১৬৫ জন লোকৰ। ৰাজস্থানত সংক্রমিত হৈছে ২৮৮৫ জন, মৃত্যু ৭১ জনৰ। তামিলনাড়ুত আক্রান্তৰ সংখ্যা ৩০২৩, মৃত্যু হৈছে ৩০ জনৰ। উত্তৰপ্রদেশত ২৭৪২ জন কোৰোণাত আক্রান্ত হৈছে, মৃত্যু হৈছে ৪৫ জনৰ। পশ্চিমবঙ্গত কোৰোণা আক্রান্তৰ সংখ্যা হৈছেগৈ ১২৫৯, মৃত্যুৰ সংখ্যা ৬১জন।

উল্লেখযোগ্য যে, দেশৰ আন প্ৰান্তৰ তুলনাত যথেষ্ট উন্নত উত্তৰ পূৱৰ সামগ্ৰিক প্ৰেক্ষাপট। অসম সহ আটাইকেইখন ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা এইপৰ্যন্ত ৮৮জন, এক্টিভ কেচ ৩৮ আৰু মৃত্যু হৈছে ২জনৰ। ছিকিমত এজনো কোৰোণা আক্ৰান্ত নথকাৰ বিপৰীতে ত্ৰিপুৰাত সৰ্বাধিক ২৯জন লোক (এক্টিভ কেচ ২৭) আক্ৰান্ত হৈছে কোৰোণাত।

 
First published: May 5, 2020, 3:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading