জম্মু কাশ্মীৰ আৰু হিমাচল প্ৰদেশৰ ১০০ শতাংশ লোকে লৈছে প্ৰথম ডোজ। জম্মু কাশ্মীৰ আৰু হিমাচল প্ৰদেশৰ ১০০ শতাংশ লোকে লৈছে প্ৰথম ডোজ। কোভিডৰ সংক্ৰমণ কিছু পৰিমাণে দেশত হ্ৰাস হৈছে যদিও এতিয়াও কিছু ৰাজ্যত অব্যাহত আছে কোৰোণাৰ দ্ৰুত সংক্ৰমণ। কোৰোণাত আক্ৰান্ত হৈ বহুলোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক এতিয়াও আক্ৰান্ত হৈ আছে।এতিয়াও নিতৌ বহু লোক আক্ৰান্ত হৈ আছে কোৰোণাত। অৱশ্যে পূৰ্বৰ তুলনাত কিছু হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা।
ইফালে দেশত এতিয়া পূৰ্ণ গতিত চলি আছে কোৰোণাৰ ভেকচিনেশ্যন প্ৰক্ৰিয়া। দেশত ১৮ বছৰৰ ওপৰৰ প্ৰায় ৭৩ শতাংশ লোকে ইতিমধ্যে ভেকচিনৰ প্ৰথম ডোজ লৈছে। ইয়াৰে ২৯.৭ শতাংশ লোকে লৈছে দ্বিতীয় ডোজ। একাংশ ৰাজ্যত ইতিমধ্যে ১০০ শতাংশ লোকক দিয়া হৈছে কোৰোণা ভেকচিনৰ প্ৰথম ডোজ। ইয়াৰ ভিতৰত জম্মু কাশ্মীৰ আৰু হিমাচল প্ৰদেশো আছে। কিন্তু এতিয়ালৈকে কোনো ৰাজ্যতে সম্পূৰ্ণ হোৱা নাই কোৰোণা ভেকচিনৰ দুয়োটা ডোজৰ ভেকচিনেশ্যন।
প্ৰায় ২ বছৰ ধৰি কোৰোণাই দেশত ত্ৰাসৰ সৃষ্টি কৰি আহিছে। এতিয়ালৈকে ৰোধ হোৱা নাই সংক্ৰমণ। বিগত ২৪ ঘণ্টাত ১৫ হাজাৰতকৈ অধিক লোক আক্ৰান্ত হৈছে কোৰোণাত।
Published by: Himangshu Bhuyan
First published: October 17, 2021, 15:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|