• Home
  • »
  • News
  • »
  • nation
  • »
  • COVID-19 in India: ৬০ হাজাৰৰ তললৈ নামিল কোৰোণাত আক্ৰান্তৰ সংখ্যা, বিগত ২৪ ঘণ্টাত দেশত ৫৮,৪১৯জন লোক আক্ৰান্ত

COVID-19 in India: ৬০ হাজাৰৰ তললৈ নামিল কোৰোণাত আক্ৰান্তৰ সংখ্যা, বিগত ২৪ ঘণ্টাত দেশত ৫৮,৪১৯জন লোক আক্ৰান্ত

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত ৫৮ হাজাৰ ৪১৯জন লোক কোৰোণাত সংক্ৰমিত হৈছে। মৃত্যু হৈছে ১৫৭৫জনৰ।

  • Share this:
দেশত কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনাত ক্ৰমান্বয়ে হ্ৰাস পাইচে। প্ৰতিদিনে কোৰোণা ৰোগীৰ সংখ্যা নিম্নমুখী হৈছে। দেশত বৰ্তমান কোৰোণাত আক্ৰান্তৰ সংখ্যা ৬০ হাজাৰৰ তললৈ হ্ৰাস পাইছে। কোৰোণাত আক্ৰান্তৰ গ্ৰাফডাল নিম্নমুখী হ’লেও তৃতীয় ঢৌৰ আগমনৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি ক’ব পাৰি যে বিপদ এতিয়া আঁতৰা নাই।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত ৫৮ হাজাৰ ৪১৯জন লোক কোৰোণাত সংক্ৰমিত হৈছে। মৃত্যু হৈছে ১৫৭৫জনৰ। স্বাস্থ্য বিভাগৰ সংখ্যা অনুসৰি, নতুন বিগত ২৪ ঘণ্টাৰ সংখ্যাকে ধৰি এতিয়ালৈ দেশত ২ কোটি ৯৮ লাখ ৮১ হাজাৰ ৯৬৫জন লোক আক্ৰান্ত হৈছে কোৰোণাত।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, এতিয়া দেশত ৭ লাখ ২৯ হাডাৰ ২৪৩টা সক্ৰিয় ঘটনা আছে। ২ কোটি ৮৭ লাখ ৬৬ হাজাৰ ৯জন লোক সুস্থ হৈ উঠিছে> দেশত এতিয়ালৈ ৩ লাখ ৮৬ হাজাৰ ৭১৩জন লোকৰ মৃত্যু হৈছে।
Published by:Sanjay Kumar Das
First published: