• Home
  • »
  • News
  • »
  • nation
  • »
  • COVID-19 in India: পুনৰ বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্তৰ সংখ্যা, বিগত ২৪ ঘণ্টাত দেশত ৪৩,৭৩৩টা নতুন ঘটনা

COVID-19 in India: পুনৰ বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্তৰ সংখ্যা, বিগত ২৪ ঘণ্টাত দেশত ৪৩,৭৩৩টা নতুন ঘটনা

Representative photo.

Representative photo.

স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে, বিগত ২৪ ঘণ্টাত দেশত কোৰোণা আক্ৰান্ত হৈছে ৪৩ হাজাৰ ৭৩৩জন লোক। মৃত্যু হৈছে ৯৩০জনৰ।

  • Share this:
দেশত কোৰোণা সংক্ৰমিত লোকৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাবলৈ লৈছে। প্ৰতিদিনে কোৰোণাৰ নতুন ৰোগীৰ সংখ্যা হ্ৰাস পাইছে। অৱশ্যে কোৰোণাৰ ডেল্টা ভেৰিয়েণ্টক লৈ এতিয়াও সতৰ্কতা জাৰি কৰা হৈছে। স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে, কোৰোণা আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে যদিও বিপদ এতিয়াও আঁতৰা নাই।

স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে, বিগত ২৪ ঘণ্টাত দেশত কোৰোণা আক্ৰান্ত হৈছে ৪৩ হাজাৰ ৭৩৩জন লোক। মৃত্যু হৈছে ৯৩০জনৰ। কোৰোণাত আক্ৰান্তৰ নতুন সংখ্যাকে ধৰি দেশত এথিয়ালৈ ৩ কোটি ৬ লাখ ৬৩ হাজাৰ ৬৬৫জন লোক আক্ৰান্ত হৈছে এই মহামাৰীত।

স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে, দেশত এতিয়ালৈ কোৰোণাৰ ৪ লাখ ৫৯ হাজাৰ ৯২০টা এক্টিভ কেছ আছে। আনহাতে, ২ কোটি ৯৭ লাখ ৯৯ হাজাৰ ৫৩৪জন লোক সুস্থ হৈ উঠিছে। এতিয়ালৈ দেশত কোৰোণাত ৪ লাখ ৪ হাজাৰ ২১১জন লোকৰ মৃত্যু হৈছে। ইফালে, এতিয়ালৈ ৩৬,১৩,২৩,৫৪৮জন লোকক কোৰোণাৰ ভেকচিন দিয়া হৈছে।
Published by:Sanjay Kumar Das
First published: