• Home
  • »
  • News
  • »
  • nation
  • »
  • COVID-19 in India: দেশত ৯১ দিনৰ পিছত ৫০ হাজাৰৰ তললৈ আহিল কোৰোণাত আক্ৰান্তৰ সংখ্যা

COVID-19 in India: দেশত ৯১ দিনৰ পিছত ৫০ হাজাৰৰ তললৈ আহিল কোৰোণাত আক্ৰান্তৰ সংখ্যা

Representative image.

Representative image.

স্বাস্থ্য বিভাগৰ মতে, কোৰোণাত এতিয়ালৈ মুঠ আক্ৰান্তৰ সংখ্যা ২ কোটি ৯৯ লাখ ৭৭ হাজাৰ ৮৬১জন হৈছেগৈ।

  • Share this:
দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে হ্ৰাস পাই আহিছে। কোৰোণাত আক্ৰান্তৰ সংখ্যা এতিয়া প্ৰায় ৪০ হাজাৰৰ ওচৰ পাইছেগৈ। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য মতে, বিগত ২৪ ঘণ্টাত দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা ৪২ হাজাৰ ৬৪০জন। মৃত্যু হৈছে ১১৬৭জনৰ। দেশত ৯১দিনৰ পিছত এটা দিনত ৫০ হাজাৰৰ তললৈ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। স্বাস্থ্য বিভাগৰ মতে, কোৰোণাত এতিয়ালৈ মুঠ আক্ৰান্তৰ সংখ্যা ২ কোটি ৯৯ লাখ ৭৭ হাজাৰ ৮৬১জন হৈছেগৈ।

স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে, দেশত এতিয়ালৈ কোৰোণাৰ ৬ লাখ ৬২ হাজাৰ ৫২১টা সক্ৰিয় ঘটনা আছে। ২ কোটি ৮৯ লাখ ২৬ হাজাৰ ৩৮জন লোক সুস্থ হৈ উঠিছে। আনহাতে, কোৰোণাত দেশত মৃত্যু হৈছে মুঠ ৩ লাখ ৮৯ হাজাৰ ৩০২জন লোকৰ।
Published by:Sanjay Kumar Das
First published: