মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»COVID-19 in India: দেশত কোৰোণাৰ বিভীষিকা, ২৪ ঘণ্টাত ৪.০৩ লাখ নতুন ঘটনা, ৪ হাজাৰৰো অধিক লোকৰ মৃত্যু

COVID-19 in India: দেশত কোৰোণাৰ বিভীষিকা, ২৪ ঘণ্টাত ৪.০৩ লাখ নতুন ঘটনা, ৪ হাজাৰৰো অধিক লোকৰ মৃত্যু

News18 Assam | News18-Assam
Updated:May 9, 2021, 10:40 AM IST
COVID-19 in India: দেশত কোৰোণাৰ বিভীষিকা, ২৪ ঘণ্টাত ৪.০৩ লাখ নতুন ঘটনা, ৪ হাজাৰৰো অধিক লোকৰ মৃত্যু
শুকুৰবাৰে প্ৰথমবাৰলৈ দেশত ৪ হাজাৰ ২৩৩জন লোকৰ মৃত্যু হয়।

শুকুৰবাৰে প্ৰথমবাৰলৈ দেশত ৪ হাজাৰ ২৩৩জন লোকৰ মৃত্যু হয়।

  • Share this:
Coronavirus outbreak in India Latest Update: কোৰোণাৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশত বিভীষিকাৰ সৃষ্টি কৰিছে। ভাৰতত কোৰোণাৰ বৰ্ধিত সংখ্যাই সমগ্ৰ বিশ্বক ত্ৰাসিত কৰিছে। দেশত কোৰোণাত কোৰোণা কেনে ভয়ংকৰ ৰূপ লৈছে সেয়া বিগত তিনিতা দিনত সংক্ৰমিত লোকৰ সংখ্যাই প্ৰমাণিত কৰিছে। তিনিটা দিন একেৰাহে চাৰি লাখতকৈ অধিক লোক আক্ৰান্ত হৈছে কোৰোণাত। বিগত ২৪ ঘণ্টাত দেশত ৪ লাখ ৩ হাজাৰ ৭৩৮ নতুন ঘটনা পোহৰলৈ আহিছে। দ্বিতীয় দিনৰ বাবে মৃত্যু হৈছে ৪ হাজাৰো অধিক লোক।

শুকুৰবাৰে প্ৰথমবাৰলৈ দেশত ৪ হাজাৰ ২৩৩জন লোকৰ মৃত্যু হয়। কোৰোণা আক্ৰান্তৰ বৰ্ধিত সংখ্যাৰ বিপৰীতে সুস্থ হোৱা ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে। প্ৰথমবাৰলৈ দেশত এটা দিনত ৩লাখ ৮৬ হাজাৰ লোক সুস্থ হৈ উঠিছে। দেশত এতিয়ালৈ ২.২২ কোটি লোক কোৰোণাত আক্ৰান্ত হৈছে। সুস্থ হোৱা ৰোগীৰ সংখ্যা ১.৮৩ কোটি। বিগত ২৪ ঘণ্টাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাকে ধৰি এতিয়ালৈ ২.৪২ লাখ লোকৰ মৃত্যু হৈছে এই মহামাৰীত।
Published by: Sanjay Kumar Das
First published: May 9, 2021, 10:40 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি