মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»COVID-19 in India: ২৪ ঘণ্টাত ৩.৭৯ লাখ লোক আক্ৰান্ত, ৩৬৪৫জনৰ মৃত্যু

COVID-19 in India: ২৪ ঘণ্টাত ৩.৭৯ লাখ লোক আক্ৰান্ত, ৩৬৪৫জনৰ মৃত্যু

News18 Assam | News18-Assam
Updated:April 29, 2021, 10:27 AM IST
COVID-19 in India: ২৪ ঘণ্টাত ৩.৭৯ লাখ লোক আক্ৰান্ত, ৩৬৪৫জনৰ মৃত্যু
ভাল খবৰ এয়াই যে কোৰোণাত আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে। বিগত ২৪ ঘণ্টাত ২ লাখ ৬৯ হাজাৰ ৫০৭জন লোক সুস্থ হৈছে দেশত।

ভাল খবৰ এয়াই যে কোৰোণাত আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে। বিগত ২৪ ঘণ্টাত ২ লাখ ৬৯ হাজাৰ ৫০৭জন লোক সুস্থ হৈছে দেশত।

  • Share this:
দেশত কোৰোণাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে। প্ৰতিদিনে কোৰোণাত আক্ৰান্তৰ সংখ্যাই অভিলেখ সৃষ্টি কৰিছে। হাস্পতালত বিচনাৰ অভাৱ হৈছে, বিচনাৰ বাবে অপেক্ষা কৰি মৃত্যু হৈছে ৰোগীৰ। বুধবাৰে পুনৰ এবাৰ দেশত অভিলেখ সৃষ্টি কৰিলে কোৰোণাৰ আক্ৰান্তই। ৩ লাখ ৭৯ হাজাৰ ২৫৭জন লোক নতুনকৈ আক্ৰান্ত হৈছে কোৰোণাত। ৩ হাজাৰ ৬৪৫জন লোকৰ মৃত্যু হৈছে।

ভাল খবৰ এয়াই যে কোৰোণাত আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে। বিগত ২৪ ঘণ্টাত ২ লাখ ৬৯ হাজাৰ ৫০৭জন লোক সুস্থ হৈছে দেশত।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, দেশত এথিয়ালৈকে ১ কোটি ৮৩ লাখ ৭৬ হাজাৰ ৫২৪জন লোক কোৰোণাত আক্ৰান্ত হৈছে। এথিয়ালৈকে ১ কোটি ৫০ লাখ ৮৬ হাজাৰ ৮৭৮জন লোক সুস্থ হৈছে। দেশত এতিয়ালৈকে ২ লাখ ৪ হাজাৰ ৮৩২জন লোকৰ মৃত্যু হৈছে। বৰ্তমান ৩০ লাখ ৮৪ হাজাৰ ৮১৪জন লোকৰ চিকিৎসা চলি আছে।

Published by: Sanjay Kumar Das
First published: April 29, 2021, 10:26 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি