• Home
  • »
  • News
  • »
  • nation
  • »
  • COVID-19 in India: কোৰোণাত আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধি, ২৪ ঘণ্টাত ১৬,১৫৬জন নতুনকৈ আক্ৰান্ত

COVID-19 in India: কোৰোণাত আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধি, ২৪ ঘণ্টাত ১৬,১৫৬জন নতুনকৈ আক্ৰান্ত

File Photo

File Photo

কোৰোণাৰ নতুন সংখ্যাকে ধৰি দেশত মুঠ কোৰোণা সংক্ৰমিত লোকৰ সংখ্যা এতিয়া ৩ কোটি ৪২ লাখ ৩১ হাজাৰ ৮০৯জন হৈছে।

  • Share this:
Coronavirus Case in India: দেশত কোৰোণৰ সংক্ৰমণৰ ঘটনা কোনোবা দিনা যদি কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে, কোনোবা দিনা পুনৰ বৃদ্ধি হৈছে। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত কোৰোণাত ১৬ হাজাৰ ১৫৬জন লোক নতুনকৈ আক্ৰান্ত হৈছে কোৰোণা ভাইৰাছত। মৃত্যু হৈছে ৭৩৩জন লোকৰ। কোৰোণাৰ নতুন সংখ্যাকে ধৰি দেশত মুঠ কোৰোণা সংক্ৰমিত লোকৰ সংখ্যা এতিয়া ৩ কোটি ৪২ লাখ ৩১ হাজাৰ ৮০৯জন হৈছে।

স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে, দেশত এতিয়ালৈ কোৰোণাৰ ১ লাখ ৬০ হাজাৰ ৯৮৯টা সক্ৰিয় ঘটনা আছে। আনহাতে, ৩ কোটি ৩৬ লাখ ১৪ হাজাৰ ৪৩৪জন লোক সুস্থ হৈ ঘৰলৈ উভতিছে। এতিয়ালৈ দেশত কোৰোণাত ৪ লাখ ৫৬ হাজাৰ ৩৮৬জন লোকৰ মৃত্যু হৈছে। ইফালে, এতিয়ালৈ ১,০৪,০৪,৯৯,৮৭৩জন লোকক ভেকচিন প্ৰদান কৰা হৈছে দেশত।
Published by:Sanjay Kumar Das
First published: