Covid 19 in India: দেশত পুনৰ বৃদ্ধি কোৰোণাৰ সংক্ৰমণ, বিগত ২৪ ঘণ্টাত আক্ৰান্ত ৪১,১৫৭জন

News18 Assam | News18-Assam
Updated:July 18, 2021, 10:10 AM IST
Covid 19 in India: দেশত পুনৰ বৃদ্ধি কোৰোণাৰ সংক্ৰমণ, বিগত ২৪ ঘণ্টাত আক্ৰান্ত ৪১,১৫৭জন
ভাৰতত এতিয়ালৈ কোৰোণাত সংক্ৰমিত হৈছে ৩ কোটি ১১ লাখ ৬ হাজাৰ ৬৫জন লোক। আনহাতে, এতিয়ালৈ ৪,১৩,৬০৯জন লোক কোৰোণাত মৃত্যু হৈছে।

ভাৰতত এতিয়ালৈ কোৰোণাত সংক্ৰমিত হৈছে ৩ কোটি ১১ লাখ ৬ হাজাৰ ৬৫জন লোক। আনহাতে, এতিয়ালৈ ৪,১৩,৬০৯জন লোক কোৰোণাত মৃত্যু হৈছে।

  • Share this:
দেশত কোৰোণাৰ সংক্ৰমণৰ সংখ্যা পুনৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিশেষজ্ঞসকলে কোৰোণাৰ তৃতীয় ঢৌ অহাৰো আশংকা ব্যক্ত কৰিছে। ইয়াৰ মাজতে স্বাস্থ্য মন্ত্ৰণালয়ৰ ফালৰ পৰা প্ৰকাশ পোৱা তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত ৪১,১৫৭জন লোক আক্ৰান্ত হয় কোৰোণা ভাইৰাছত। এই দিনটোত ভাৰতত কোৰোণাত মৃত্যু হয় ৫১৮জন লোকৰ।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত ৪২,০০৪জন লোক সুস্থ হৈ উঠিছে। দেশ এতিয়ালৈ কোৰোণাৰ পৰা সুস্থ হৈ উঠা মুঠ লোকৰ সংখ্যা ৩ কোটি ০২ লাখ ৬৯ হাজাৰ ৭৯৬জন। বৰ্তমান সক্ৰিয় ঘটনা আছে ৪,২২,৬৬০টা।

ভাৰতত এতিয়ালৈ কোৰোণাত সংক্ৰমিত হৈছে ৩ কোটি ১১ লাখ ৬ হাজাৰ ৬৫জন লোক। আনহাতে, এতিয়ালৈ ৪,১৩,৬০৯জন লোক কোৰোণাত মৃত্যু হৈছে।
Published by: Sanjay Kumar Das
First published: July 18, 2021, 10:10 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি