মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Covid-19: কোৰোণাৰ তৃতীয় ঢৌৰ আগজাননী দিছে নেকি কেৰালাই? মঙলবাৰে ৩০,২০৩টা নতুন কোভিড-১৯ৰ ঘটনা

Covid-19: কোৰোণাৰ তৃতীয় ঢৌৰ আগজাননী দিছে নেকি কেৰালাই? মঙলবাৰে ৩০,২০৩টা নতুন কোভিড-১৯ৰ ঘটনা

News18 Assam | News18-Assam
Updated:August 31, 2021, 9:57 PM IST
Covid-19: কোৰোণাৰ তৃতীয় ঢৌৰ আগজাননী দিছে নেকি কেৰালাই? মঙলবাৰে ৩০,২০৩টা নতুন কোভিড-১৯ৰ ঘটনা
বিগত ২৪ ঘণ্টাত ১,৬০,১৫২টা কোভিড-১৯ পৰীক্ষাৰ অন্তত সংক্ৰমণৰ হাৰ ১৮.৮৬ শতাংশলৈ বৃদ্ধি।

বিগত ২৪ ঘণ্টাত ১,৬০,১৫২টা কোভিড-১৯ পৰীক্ষাৰ অন্তত সংক্ৰমণৰ হাৰ ১৮.৮৬ শতাংশলৈ বৃদ্ধি।

  • Share this:

কোৰোণাৰ তৃতীয় ঢৌৰ আগজাননী দিছে নেকি কেৰালাই? কোৰোণাৰ দ্বিতীয় ঢৌও এই ৰাজ্যৰ মাজেৰে অহা দেখা গৈছিল পূৰ্বতে। আজি মঙলবাৰে কেৰালাত ৩০,২০৩টা নতুন কোভিড-১৯ সংক্ৰমণৰ বাতৰি আহিছে। ইয়াৰ লগে লগে ৰাজ্যখনত মুঠ কোৰোণা ভাইৰাছ সংক্ৰমিতৰ ঘটনা ৪০,৫৭,২৩৩গৰাকীলৈ বৃদ্ধি পাইছে।


দিনটোত  ১১৫গৰাকী ৰোগীৰ মৃত্যুৰ পিছত মৃত্যুৰ সংখ্যা ২০,৭৮৮লৈ বৃদ্ধি পাইছে। এই তথ্য ৰাজ্যৰ স্বাস্থ্য বিভাগে এক বিজ্ঞপ্তিত প্ৰকাশ কৰিছে। কেৰালাত বিগত ২৪ ঘণ্টাত ১,৬০,১৫২টা কোভিড-১৯ পৰীক্ষাৰ অন্তত সংক্ৰমণৰ হাৰ ১৮.৮৬ শতাংশলৈ বৃদ্ধি হোৱা দেখা গৈছে।


কেৰালাত যোৱা ২৪ ঘণ্টাত ২০,৬৮৭ গৰাকী লোক কোভিড-১৯ৰ পৰা আৰোগ্য হৈছিল। ৰাজ্যখনত কোভিড-১৯ চিকিৎসাৰ অধীনত থকা ৰোগীৰ সংখ্যা ২,১৮,৮৯২ গৰাকলৈ বৃদ্ধি হৈছে। প্ৰকাশিত তথ্য অনুসৰি, মালাপ্পুৰম জিলাত কোভিড-১৯ৰ সৰ্বাধিক ৩,৫৭৬টা নতুন ঘটনা সংঘটিত হৈছে।



ইয়াৰ পিছত এৰ্নাকুলামত ৩,৫৪৮, কোল্লামত ৩,১৮৮গৰাকী, কোজিকোডত ৩,০৬৬টা, ত্ৰিশূৰত ২,৮০৬টা, পালাক্কাডত ২,৬৭২টা, তিৰুৱন্তপুৰমত ১,৯৮০টা, কোট্টায়ামত ১,৯৩৮টা, কান্নুৰত ১,৯২৭টা, আলাপুঝাত ১,৮৩৩টা, পাথানামথিট্টাত ১,২৫১টা, ৱায়ানডত ১,০৪৪ আৰু ইডুক্কীত ৯০৬টা নতুন সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে।


বৰ্তমান কেৰালাৰ বিভিন্ন জিলাত ৫,৪৫,৩৯৩গৰাকী লোকক নিৰীক্ষণত ৰখা হৈছে, যাৰ ভিতৰত ৩১,৭০৭গৰাকী চিকিৎসালয়ত আছে। উল্লেখ্য এদিন আগতে অৰ্থাত সোমবাৰে ১৯,৬২২টা নতুন ঘটনা পোহৰলৈ পিছত আজি কেৰালাত পুনৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি হোৱা দেখা গৈছে।


আনহাতে, কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে মঙলবাৰে কয় যে ৰাজ্য চৰকাৰে ১০ ছেপ্টেম্বৰৰ ভিতৰত ১৮ বছৰৰ অধিক বয়সৰ সকলো লোকক এণ্টি-কোভিড ভেকচিনৰ প্ৰথম পালি দিয়াৰ পৰিকল্পনা কৰিছে।

Published by: Gautam Barman
First published: August 31, 2021, 9:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি