নতুন বছৰৰ আৰম্ভণিৰে পৰা কোভিড–১৯ত আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে। এইলৈ এতিয়া চিন্তিত কেন্দ্ৰীয় কিম্বা ৰাজ্য চৰকাৰ। কার্যতঃ দেশত কোভিড–১৯ৰ তৃতীয় জোৱাৰ আৰম্ভ হোৱাৰ স্পষ্ট ইংগিত দিছে এই সংক্ৰমণৰ সংখ্যাই ৷ কোভিড–১৯ত আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাই থকাৰ পৰিপ্রেক্ষিতত কেন্দ্রীয় চৰকাৰে হোম আইছ’লেচনৰ সংশোধিত নির্দেশনা জাৰি কৰিছে৷
নতুন নির্দেশনা অনুসৰি ১০ দিনৰ পৰিৱর্তে ৭ দিন হোম আইছ’লেচনত থাকিব লাগিব আৰু এই সময়ছোৱাত পুনৰ পৰীক্ষণৰ প্রয়োজন নাই ৷ ৭ দিনৰ নির্ধাৰিত সময় উকলি যোৱাৰ পিছত তিনি দিন ধৰি কোনো জ্বৰ নাথাকিলে তেওঁ হোম আইছ’লেচনৰ পৰা মুক্ত হ’ব পাৰিব ৷
লক্ষণীয় যে, কোৰোণাত আক্রান্তৰ সংখ্যা এদিনত ১০ হাজাৰ অধিক অতিক্রম কৰাৰ লগতে পজিটিভিটীৰ হাৰ ১০ শতাংশ অধিক হৈছে ৰাজধানী দিল্লীত ৷ দিল্লীৰ স্বাস্থ্যমন্ত্রী সত্যেন্দৰ জৈনে প্রকাশ কৰা মতে, পজিটিভিটীৰ হাৰ ১০ শতাংশলৈ অধিক বৃদ্ধি হৈছে আৰু দিল্লীত কোভিড–১৯ৰ তৃতীয় জোৱাৰ চলিছে ৷
দেশত অমিক্রণত আক্রান্তৰ সংখ্যা ভয়াৱহ হাৰত বৃদ্ধি পাই থকাৰ তথ্য অনুসৰি জানুৱাৰীৰ শেষত নতুবা ফেব্রুৱাৰীৰ আৰম্ভণিতে অমিক্রণত আক্রান্তই শীর্ষত উঠিব বুলি মন্তব্য প্রকাশ কৰিছে ইনষ্টিটিউট ফৰ হেল্থ মেট্রিক্ছ এণ্ড ইভালুৱেশ্যনৰ সঞ্চালক ড০ খ্রীষ্ট’ফাৰ মূৰে৷
বিশেষজ্ঞ ড০ মূৰে প্রকাশ কৰা মতে, মাত্র দুমাহৰ ভিতৰতে বিশ্বত ৩০০ কোটি লোক অমিক্রণত আক্রান্ত হোৱাৰ পূর্ণ সম্ভাৱনা আছে ৷ ভাৰততো ডেল্টা ভেৰিয়েণ্টতকৈ অর্থাৎ কোভিডৰ দ্বিতীয় জোৱাৰতকৈ অধিক লোক অমিক্রণত আক্রান্ত হ’ব ৷
দেশত দ্রুতগতিত কোভিডৰ সংক্রমণ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত নির্বাচন অনুষ্ঠিত হ’বলগীয়া উত্তৰ প্রদেশত কংগ্রেছে সকলো জনসমাগম হ’বাতিল কৰিছে ৷ উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে ক’ভিড সংক্রমণৰ প্রতি লক্ষ্য ৰাখি তেওঁৰ ৰাজহুৱা কার্যসূচী আজি বাতিল কৰিছে ৷